মন্ত্ৰী অশোক সিংঘালৰ মতে বিশ্বনাথৰ সাংবাদিকে নেজানে গুৱাহাটীৰ কথা...

মন্ত্ৰী অশোক সিংঘালৰ মতে বিশ্বনাথৰ সাংবাদিকে নেজানে গুৱাহাটীৰ কথা...
মন্ত্ৰী অশোক সিংঘালৰ মতে বিশ্বনাথৰ সাংবাদিকে নেজানে গুৱাহাটীৰ কথা...

ডিজিটেল সংবাদ বিহালীঃ সংবাদ আৰু সাংবাদিক হ'ল ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আৰু প্ৰতি ভাৰতীয়ৰ এক মুক্তকন্ঠ ৷ সম্প্ৰতি দেশৰ সংবাদ মাধ্যমলৈ নামি আহিছে বিপৰ্যয় ৷ বিশেষকৈ শাসনাধিষ্ট বিজেপি চৰকাৰখনৰ দিনত সংবাদ মাধ্যম আৰু সাংবাদিকৰ স্বাধীনতা খৰ্ব হোৱাৰ উপৰিও বিভিন্ন সময়ত নিগ্ৰহৰো বলি হৈছে দেশৰ সাংবাদিক৷ তদুপৰি দেশৰ শাসকীয় পক্ষৰ একাংশ ৰাজনীতিকে সাংবাদিকক ৰাজহুৱাভাৱে তুচ্ছ-তাৎচ্ছিল্য কৰি অহাটো এক অঘোষিত কাৰ্যত পৰিণত হৈছে ৷

সেই অঘোষিত কাৰ্যটোকেই পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী অশোক সিংঘালে সংঘটিত কৰিলে ৷ যাৰবাবে বিশ্বনাথৰ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

আজি বিশ্বনাথত বিশ্বনাথত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত অসম চৰকাৰৰ জলসিঞ্চন, গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘালে জিলাখনৰ মুঠ ৯৮০০ গৰাকী ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত বিশ্বনাথ, বিহালী, গহপুৰৰ বিধায়ক, জিলা আয়ুক্ত ডাঃ নেহা যাদৱকে ধৰি জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা শিক্ষক - শিক্ষয়িত্ৰীসকল উপস্থিত আছিল৷

মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ ঘনিষ্ট মন্ত্ৰী হিচাপে পৰিচিত মন্ত্ৰী অশোক সিংঘলে চাইকেল বিতৰণ অনুষ্ঠান সম্পন্ন কৰি বিশ্বনাথৰ সাংবাদিকৰে মুখামুখী হয় ৷ এই সাক্ষাৎকালত বিশ্বনাথৰ সাংবাদিকে মন্ত্ৰী অশোক সিংঘালক গুৱাহাটীত সৃষ্ট কৃত্ৰিম বানপানীৰ প্ৰসংগত এক প্ৰশ্ন কৰে৷

গুৱাহাটীত সৃষ্ট কৃত্ৰিম বানপানীৰ প্ৰশ্নৰ সন্মুখীন হোৱাৰ লগে-লগে মন্ত্ৰী অশোক সিংঘলে বিশ্বনাথৰ সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ মন্ত্ৰী অশোক সিংঘালে বিশ্বনাথৰ সাংবাদিকক উদ্যেশি কই, বিশ্বনাথৰ সাংবাদিকে গুৱাহাটীৰ বিষয়ে একো নেজানে ৷ প্ৰশ্ন কৰিব লাগে বুলি প্ৰশ্ন কৰিছে মন্ত্ৰী অশোক সিংঘালক ৷

এক কথাত আজি বিশ্বনাথত মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীক চাইকেল বিতৰণ কৰিবলৈ আহি মন্ত্ৰী সিংঘালে বিশ্বনাথৰ সাংবাদিকক জ্ঞানৰ পৰিসৰ বিশ্বনাথতে সীমাৱদ্ধ বুলি চূড়ান্তভাৱে অপমান কৰিলে ৷ অসম চৰকাৰৰ এগৰাকী দ্বায়িত্বশীল মন্ত্ৰী অশোক সিংঘালৰ এনে উপহাসমূলক বক্তব্যক সহজেভাৱে ল'ৱ পৰা নাই ৷

উল্লেখ্য যে, বিশ্বনাথৰ সাংবাদিকক মন্ত্ৰী অশোক সিংঘালে বিশ্বনাথৰ সাংবাদিকক জ্ঞানৰ পৰিসৰক ধৰি অপমানসূচক মন্তব্য কৰি থকাৰ সময়ত মন্ত্ৰী সিংঘালৰ কাষতে ঠিয় হৈ আছিল বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত , বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰৰ বিধায়ক উৎপল বৰা ,বিশ্বনাথ জিলা বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱাৰ ৷

লক্ষণীয় বিষয়টো হ'ল ,যিসময়ত মন্ত্ৰী অশোক সিংঘালে বিশ্বনাথৰ সাংবাদিকৰ জ্ঞানৰ পৰিসৰক ধৰি অপমানসূচক মন্তব্য ডাঙি ধৰিছিল সেইসময়ত তিনিওগৰাকী বিধায়কে মৌনতাৰে মন্ত্ৰীয়ে স্থানীয় সাংবাদিকক কৰা অপমানৰ একান্তবাধ্য ছাত্ৰৰ দৰে শ্ৰৱন কৰি থাকিল৷

আনহাতে ,বিশ্বনাথত ছাত্ৰ-ছাত্ৰীৰ চাইকেল বিতৰণ কৰিবলৈ উপস্থিত হোৱা মন্ত্ৰী অশোক সিংঘালে সাংবাদিকৰে মুখামুখি হৈ কয়, তেওঁ বিশ্বনাথৰ ছাত্ৰ-ছাত্ৰীৰে মত বিনিময় কৰোঁতে তেওঁলোকে কৈছে - ছাৰ এতিয়া আমি পঢ়া-শুনা কৰিম ৷ আগতে পঢ়া-শুনা কৰি লাভ নাছিল ৷ আজিকালি পঢ়া-শুনা কৰিলে বিনাপইচাত চাকৰি পায় ৷'' লগতে মন্ত্ৰী অশোক সিংঘালে প্ৰকাশ কৰে যে,আগতে দুখীয়া ল'ৰা-ছোৱালীয়ে চাকৰি পোৱা নাছিল ৷

মন্ত্ৰী অশোক সিংঘালৰ মতে বিশ্বনাথৰ সাংবাদিকে নেজানে গুৱাহাটীৰ কথা...
মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in