/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/0e4dbbc2-a3ab-40bd-9fbd-b59a469f31e8/CRIME_09.jpg)
ডিজিটেল ডেস্কঃ মহানগৰীত পুনৰ সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। বৃহস্পতিবাৰে নিশা বেহাৰবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড।
নিহত মহিলাগৰাকীৰ নাম হামেদা বেগম বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি স্বামীয়ে ডিঙি চেপি হত্যা কৰে মহিলাগৰাকীক। কি কাৰণে এই হত্যাকাণ্ড সংঘটিত হৈছে এতিয়ালৈকে জানিব পৰা হোৱা নাই।
ইতিমধ্যে অভিযুক্ত স্বামী জেল হকে গোৱালপাৰাৰ লক্ষীপুৰ থানাত আত্মসমৰ্পণ কৰিছে। গোৱালপাৰাৰ পৰিয়ালটো বেহাৰবাৰীত ভাৰাতীয়া হিচাপে আছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Also Read: ভয়ংকৰ অগ্নিকাণ্ডঃ জুইত জাহ গ'ল টকাসহ বহু মূল্যবান সা-সামগ্ৰী