কোচবিহাৰৰ মধুপুৰ সত্ৰ আৰু জিলা পুথিভঁৰালৰ গুৰুজনাৰ সাঁচিপাতৰ পুথি ডিজিটেল ৰূপত সংৰক্ষণ কৰাৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আগ্ৰহ প্ৰকাশ

মধুপুৰ সত্ৰ সমিতিৰ আদৰণি এই সিদ্ধান্তক
কোচবিহাৰৰ মধুপুৰ সত্ৰ আৰু জিলা পুথিভঁৰালৰ গুৰুজনাৰ সাঁচিপাতৰ পুথি ডিজিটেল ৰূপত সংৰক্ষণ কৰাৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আগ্ৰহ প্ৰকাশ

ডিজিটেল সংবাদ, ধুবুৰী : জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে জীৱনৰ শেষ সময়ছোৱা কোচবিহাৰত নিজ হাতে লিখি ৰচনা কৰা অসমীয়া জাতীয় জীৱনৰ অমূল্য সম্পদ সাঁচিপাতৰ পুথিসমূহ অতি অনাদৃতভাৱে কোচবিহাৰ জিলা পুথিভঁৰালত বিশৃংখল ৰূপত থকা সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে মধুপুৰ সত্ৰ সমিতিয়ে চৰকাৰ আৰু ৰাইজৰ দৃষ্টি লৈ অনাৰ পিছত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনস্থ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা আৰু সাংস্কৃতিক কেন্দ্ৰই কোচবিহাৰ জিলা পুথিভঁৰাল আৰু মধুপুৰ সত্ৰত থকা গুণমালাকে ধৰি আপুৰুগীয়া সাঁচিপাতৰ পুথিসমূহ ডিজিটেল ৰূপত সংৰক্ষণ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰি প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে।

এই সম্পৰ্কত মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনাইছে যে, কেন্দ্ৰটোৰ লগত জড়িত অসমৰ বিশিষ্ট আৰু জেষ্ঠ্য সাংবাদিক মৃণাল তালুকদাৰে এই সম্পৰ্কে সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদকক অৱগত কৰিছে। প্ৰাপ্ত তথ্য মতে, সংস্থাটোৰ দল এটাই অহা জুলাই মাহত কোচবিহাৰ জিলা পুথিভঁৰাল আৰু মধুপুৰ সত্ৰ পৰিদৰ্শন কৰি সাঁচিপাতৰ পুথিসমূহ ডিজিটেল ৰূপত আৰু বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। দলটোৱে সকলো ধৰণৰ অত্যাধুনিক কাৰিকৰী কৌশল অৱলম্বন কৰি এই সম্পদসমূহ সংৰক্ষিত কৰা হ'ব বুলি সত্ৰ সমিতিক জানিবলৈ দিছে। এই সমগ্ৰ প্ৰক্ৰিয়াটো কাৰ্য্যকৰী আৰু সফল কৰাৰ কাৰণে নন্দ তালুকদাৰ ফাউণ্ডেছনে মধুপুৰ সত্ৰ সমিতিৰ সহযোগত যাৱতীয় সকলো কামকাজ ইতিমধ্যে আৰম্ভ কৰিছে। এই সকলোবোৰ কাৰ্য্য পুথিভঁৰাল কৰ্তৃপক্ষৰ পৰ্যৱেক্ষণত সম্পাদন কৰা হ'ব।

উল্লেখযোগ্য যে, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ দল এটাই অলপতে কোচবিহাৰ জিলা পুথিভঁৰাল পৰিদৰ্শন কৰোঁতে এই সাঁচিপাতৰ পুথিসমূহ অতি দৃষ্টিকটু আৰু পৰিত্যক্ত অৱস্থাত পৰি থকাৰ কথা পোহৰলৈ আহিছিল। কোচবিহাৰৰ জিলা পুথিভঁৰালৰ লগতে মধুপুৰ সত্ৰটো গুৰুজনাই ব্যৱহাৰ কৰা কেইবাবিধো মূল্যৱান সম্পদ আৰু সাঁচিপাতৰ পুথি সংৰক্ষিত হৈ আছে। কিন্তু সেই সম্পদসমূহো উপযুক্ত ৰক্ষণাৱেক্ষণৰ অভাৱত নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছে। প্ৰণিধান যোগ্য যে, ধুবুৰী জিলা প্ৰশাসনৰ সামগ্ৰিক দায়িত্বত থকা সত্ৰখনৰ নিৰাপত্তাৰ দিশ শক্তিশালী নোহোৱাৰ ফলত সত্ৰখনৰ পৰা ৰজাদিনীয়া কেইবাবিধো অমূল্য সম্পদ নোহোৱা হৈছে। এই ক্ষেত্ৰত ধুবুৰী জিলা প্ৰশাসনৰ তৎপৰতা অতি দুৰ্ভাগ্যজনক।

মধুপুৰ সত্ৰ সমিতিৰ সাধাৰণ সম্পাদক কুমাৰ দীপক দাসে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় আৰু অসমৰ নন্দ তালুকদাৰ ফাউণ্ডেছনে সাঁচিপাতৰ পুথিসমূহ ডিজিটেল ৰূপত সংৰক্ষণ কৰাৰ বাবে গ্ৰহণ কৰা কাৰ্য্যব্যৱস্থাক আদৰণি জনোৱাৰ লগতে অসম আৰু বংগৰ গুৰুজনাৰ অনুৰাগীসকলক এই ক্ষেত্ৰত সহায়-সহযোগ আগবঢ়াবলৈ আহ্বান জনাইছে ।

কোচবিহাৰৰ মধুপুৰ সত্ৰ আৰু জিলা পুথিভঁৰালৰ গুৰুজনাৰ সাঁচিপাতৰ পুথি ডিজিটেল ৰূপত সংৰক্ষণ কৰাৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আগ্ৰহ প্ৰকাশ
আজি জোনমণি ৰাভা সন্দৰ্ভত প্ৰকাশ পাব নতুন তথ্য, সংবাদ মেলৰ আয়োজন চি আই ডিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in