অসম-অৰুণাচল প্ৰদেশ সীমা সমস্যা সমাধানৰ বৈঠকত দুই ৰাজ্যৰ মন্ত্ৰী পীযুষ হাজৰীকা আৰু মামা নাটুঙ

আজি পুনৰ এখন বৈঠকত মিলিত হৈ সমিতিখনে প্ৰস্তুত কৰা চূড়ান্ত প্ৰতিবেদনৰ ওপৰত আলোচনা কৰা হয়
অসম-অৰুণাচল প্ৰদেশ সীমা সমস্যা সমাধানৰ বৈঠকত দুই ৰাজ্যৰ মন্ত্ৰী পীযুষ হাজৰীকা আৰু মামা নাটুঙ

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই অৰুণাচল প্ৰদেশৰ মন্ত্ৰী মামা নাটুঙৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক। শুকুৰবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যা সমাধানৰ উদ্দেশ্যে গঠিত আঞ্চলিক সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকা আৰু মামা নাটুঙে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে, বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত মন্ত্ৰী দুগৰাকীৰ নেতৃত্বত দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিৰ সদস্যসকলে অসমৰ বিশ্বনাথ আৰু অৰুণাচলৰ পাকে কিচাং জিলাৰ মাজৰ বিবদমান ৪ খন গাঁও পৰিভ্ৰমণ কৰাৰ পাচত গুৱাহাটীত অক্টোবৰ মাহত এখন বৈঠকত মিলিত হৈছিল । আজি পুনৰ এখন বৈঠকত মিলিত হৈ সমিতিখনে প্ৰস্তুত কৰা চূড়ান্ত প্ৰতিবেদনৰ ওপৰত আলোচনা কৰা হয় ।

বিগত বৰ্ষত নামচাইত অনুষ্ঠিত হোৱা ৰাজ্য দুখনৰ মাজৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি সীমা বিবাদ সমাধানৰ বাবে গঠিত আঞ্চলিক সমিতিখনে বিবদমান বালিচ’, দিপিক, পাচ’ আৰু দিকালমুখ গাঁওকেইখন পৰিভ্ৰমণৰ সময়ত স্থানীয় ব্যক্তিসকলৰ সৈতে হোৱা বাৰ্তালাপ আৰু তেঁওলোকৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত গুৰুত্ব দি প্ৰতিবেদন চূড়ান্ত কৰিছে ।

দুয়োখন ৰাজ্যৰ মন্ত্ৰী দুগৰাকী আৰু সমিতিৰ আন সদস্যসকলে অঞ্চলটোত সীমা বিবাদৰ সমাধানসূত্ৰ এই প্ৰতিবেদনখন গ্ৰহণ আৰু চূড়ান্ত কৰে । ইয়াৰ লগে লগে নামচাই চুক্তি অনুসৰি আঞ্চলিক সমিতিখনৰ ওপৰত ন্যস্ত কৰা সীমা সমস্যা সমাধানত সমিতিখনে পৰস্পৰ বুজাবুজিৰেই সফলতা লাভ কৰা বুলি মন্ত্ৰী হাজৰীকাই বৈঠকখনত মন্তব্য কৰে ।

উল্লেখ্য যে, আজি চূড়ান্ত কৰা প্ৰতিবেদনখন বালিচ’, দিপিক আৰু দিকালমুখ আৰু পাচ’ গাঁৱৰ স্থানীয় বাসিন্দাসকলৰ মতামত আৰু মন্ত্ৰী পৰ্যায়ৰ চৰজমীন তদন্তৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই সাজু কৰা হৈছিল । এই ক্ষেত্ৰত দুয়ো পক্ষৰ সদস্যসকলে সম্পূৰ্ণ সহমত পোষণ কৰে ।

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, দুয়োজন নেতাই ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে তৎপৰ হৈ বিগত বৰ্ষত নামচাইত মুখ্যমন্ত্ৰীৰ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছিল । ইয়াতে ৰাজ্য দুখনৰ মাজত সীমা সমস্যা সমাধানৰ বাবে কেইবাখনো আঞ্চলিক সমিতি গঠন কৰি দিয়া হৈছিল ।

আনহাতে বিগত বৰ্ষত মন্ত্ৰী পীযুষ হাজৰীকাই বিবদমান গাঁৱকেইখন ভ্ৰমণ কৰাৰ সময়ত অসমৰ বিশ্বনাথ অঞ্চল আৰু অৰুণাচলৰ পাকে কিচাং জিলাৰ ৪ খন বিবদমান গাঁও ক্ৰমে দিকালমুখ, দিপিক, বালিচ’ আৰু পাচ’ৰ ভিতৰত প্ৰথম ৩ খন গাঁৱৰ সকলো বাসিন্দাই অৰুণাচল প্ৰদেশৰ লগত থকাৰ ইচ্ছা প্ৰকাশ কৰাৰ বিপৰীতে পাচ’ৰ অৰ্ধেক মানুহে অসমৰ লগত থকাৰ ইচ্ছা প্ৰকাশ কৰিছিল । আজিৰ বৈঠকত এনেদৰে সমিলমিলেৰে সীমা সমস্যা সমাধান কৰি সীমান্ত অঞ্চলৰ উন্নয়নৰ বাবে দুয়োখন চৰকাৰে এতিয়া ক্ষীপ্ৰতাৰে কাম কৰিব পাৰিব বুলি মন্ত্ৰী হাজৰীকাই বৈঠকত মন্তব্য প্ৰকাশ কৰে ।

উল্লেখ্য যে, আজিৰ বৈঠকখনত ৰাজ্য দুখনৰ মন্ত্ৰী দুগৰাকীৰ লগতে অৰুণাচল প্ৰদেশৰ বিধায়ক বিয়ুৰাম ৱাঘে, অসম চৰকাৰৰ আয়ুক্ত সচিব শান্তনু পি গ’টমাৰে, শোণিতপুৰ আৰু পাকে কিচাং জিলাৰ উপায়ুক্তদ্বয় তথা জিলা প্ৰশাসন আৰু বন বিভাগৰ আন বিষয়াসকল উপস্থিত থাকে।

অসম-অৰুণাচল প্ৰদেশ সীমা সমস্যা সমাধানৰ বৈঠকত দুই ৰাজ্যৰ মন্ত্ৰী পীযুষ হাজৰীকা আৰু মামা নাটুঙ
মানকাচৰত বাল্য বিবাহবিৰোধী অভিযান : স্বামীসহ কাজী গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in