মানকাচৰত বাল্য বিবাহবিৰোধী অভিযান : স্বামীসহ কাজী গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰ হোৱা স্বামীজনক শুকুৰবাৰে ধুবুৰী জেললৈ প্ৰেৰণ কৰাৰ পাচতেই পৰিয়ালৰ লোকে আদালতত তেওঁ নাবালক বুলি জন্মৰ প্ৰমাণপত্ৰ দাখিল কৰে
মানকাচৰত বাল্য বিবাহবিৰোধী অভিযান : স্বামীসহ কাজী গ্ৰেপ্তাৰ
Published on
Updated on

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাত মানকাচৰ আৰক্ষীয়ে ব়হস্পতিবাৰে নিশা বাল্য বিবাহবিৰোধী অভিযান চলাই। আৰক্ষীৰ এই অভিযানত এগৰাকী স্বামীসহ এজন কাজীক গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা মতে, বাল্য বিবাহ আইনৰ অধীনত মানকাচৰ থানাত ৫৯/২৩ নম্বৰত গোচৰ পঞ্জীয়ন হৈ থকা ডুমুৰতোলা গাঁৱৰ ৰব্বানী সেখৰ পুত্ৰ সাজু মিয়া নামৰ যুৱকজনক আৰক্ষীয়ে যোৱা নিশা ঘৰৰ পৰা কৰায়ত্ব কৰে। যুৱকজনে ১৪ বছৰীয়া নাবালিকা কিশোৰীক বিয়া পাতিছিল।

বৰ্তমান নাবালিকা পত্নীগৰাকী গৰ্ভৱতী বুলি জানিব পৰা গৈছে। একেদৰে ৩৭/২৩ নম্বৰত পঞ্জীয়ন হোৱা গোচৰৰ ভিত্তীত ২ নং পূবেৰ গাঁৱৰ মুছাব আলীৰ পুত্ৰ হাফিজ ৰাকিদুল ইছলাম নামৰ কাজীজনকো মানকাচৰ আৰক্ষীয়ে কৰায়ত্ব কৰে। আৰক্ষীয়ে ইতিমধ্যে দুয়োক গ্ৰেপ্তাৰ কৰি দক্ষিণ শালমাৰা-মানকাচৰ জিলা সত্ৰ ও ন্যায়াধীশ আদালত হাজিৰ কৰাত আদালাতে দুয়োক ধুবুৰী জেললৈ প্ৰেৰণ কৰিছে বুলি মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ জ্যোতি দাসে জানিবলৈ দিয়ে।

লক্ষণীয় যে, গ্ৰেপ্তাৰ হোৱা স্বামীজনক শুকুৰবাৰে ধুবুৰী জেললৈ প্ৰেৰণ কৰাৰ পাচতেই পৰিয়ালৰ লোকে আদালতত তেওঁ নাবালক বুলি জন্মৰ প্ৰমাণপত্ৰ দাখিল কৰে। ইয়াৰ পাচত জিলা সত্ৰ ও ন্যায়াধীশ আদালতে স্বামী জনক নাবালক বুলি ঘোষণা কৰি জুবেনাইল জাষ্টিছ বৰ্ডত নিয়াৰ বাবে নতুনকৈ আন এক নিৰ্দেশনা প্ৰদান কৰিছে ।

আদালতৰ এই নিৰ্দেশ মতে শনিবাৰে মানকাচৰ আৰক্ষীয়ে নাবালক স্বামীজনক ধুবুৰী জেলৰ পৰা উলিয়াই আনি ফেকামাৰী জুবেনাইল জাষ্টিছ বৰ্ডত হাজিৰ কৰিব বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

মানকাচৰত বাল্য বিবাহবিৰোধী অভিযান : স্বামীসহ কাজী গ্ৰেপ্তাৰ
ৰৌতাৰ ইকৰাবাৰীত হস্ত নিৰ্মিত বোমা নিক্ষেপ..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in