/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/229b035c-4d17-485f-b890-1fd2c0604cb7/gunotsav.jpg)
ডিজিটেল সংবাদ, চিৰাং : ৰাজ্যৰ গুণগত শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ লক্ষ্যেৰে অসমৰ ১৩ খন জিলাৰ লগতে চিৰাং জিলাতো চৰকাৰী বিদ্যালয় সমূহত পহিলা ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ২০২৩ ।
এইবেলি চিৰাং জিলাৰ চিদলী আৰু বড়োবাজাৰ শিক্ষা খণ্ডৰ অধীনস্থ প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু উচ্চ মিলি মুঠ ৯১৬ খন শিক্ষানুষ্ঠানৰ ৭০,৪০৩ গৰাকী ছাত্ৰ- ছাত্ৰীক গুণোৎসৱ প্ৰক্ৰিয়াত সামৰি লোৱা হৈছে । আজি জিলাখনৰ কাজলগাঁও মহকুমাৰ চিদলী শিক্ষা খণ্ডৰ অধীনৰ গোঁসাইগাঁও চিনিয়ৰ বেছিক বিদ্যালয়ত ৰাজ্যৰ হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী তথা চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম উপস্থিত থাকি বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলৰ মূল্যায়ন গ্ৰহণ কৰে ।
বিদ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বিদ্যালয়ৰ পৰিৱেশ, আন্তঃ গাঁথনি দিশত পৰিদৰ্শন কৰাৰ লগতে শিক্ষাৰ্থী সকলৰ মূল্যায়ন ঠিকে আছে বুলি মন্তব্য কৰি আগলৈ বিদ্যালয়খনৰ শিক্ষাৰ পৰিৱেশ উন্নত কৰিব লাগিব বুলি মন্তব্য কৰে ।
লগতে কালি বিজনী চহৰৰ কেবাখনো বিদ্যালয় পৰিদৰ্শন কৰি জিলাখনৰ শৈক্ষিক পৰিৱেশ উন্নত কৰিবলৈ হ'লে জিলা প্ৰশাসনে সময়ে সময়ে বিদ্যালয় পৰিদৰ্শন আৰু বিদ্যালয় পৰিচালনা সমিতি সমূহে সময়ে সময়ে সভা আহ্বান কৰি পৰ্যালোচনা কৰিব লাগিব বুলি মন্তব্য কৰে ।
আৰু পঢ়ক : ২০২৪ৰ অলিম্পিক বৰ্জন কৰিব ৪০ খনকৈ দেশে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us