বন্যাৰ্তৰ কাষত মন্ত্ৰী পীযুষ : বাঢ়নী পানীয়ে ছিগি নিয়া মথাউৰি শীঘ্ৰেই মেৰামতি কৰাৰ নিৰ্দেশ বিভাগীয় মুৰব্বীক

বন্যাৰ্তৰ কাষত মন্ত্ৰী পীযুষ : বাঢ়নী পানীয়ে ছিগি নিয়া মথাউৰি শীঘ্ৰেই মেৰামতি কৰাৰ নিৰ্দেশ বিভাগীয় মুৰব্বীক

author-image
Asomiya Pratidin
New Update
বন্যাৰ্তৰ কাষত মন্ত্ৰী পীযুষ : বাঢ়নী পানীয়ে ছিগি নিয়া মথাউৰি শীঘ্ৰেই মেৰামতি কৰাৰ নিৰ্দেশ বিভাগীয় মুৰব্বীক

ডিজিটেল ডেস্ক : নেৰা-নেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে বানপানী। বিভিন্ন অঞ্চলত নৈৰ বাঢ়নী পানীয়ে ছিগি নিছে মথাউৰি।

Advertisment

দৰং জিলাৰ কমাৰপাৰা অঞ্চলতো নোৱা নদীয়ে মথাউৰিৰ দুটাকৈ অংশ ছিগি নিয়ে। ফলত কাষৰীয়া অঞ্চল প্লাৱিত হয়। এই মথাউৰিটো নিৰ্মাণ কৰিছিল জিলা গ্ৰামীণ বিকাশ সংস্থাই।

মঙলবাৰে অঞ্চলটোৰ ভুক্তভোগীসকলৰ কাষত থিয় হৈ মত-বিনিময় কৰে মন্ত্ৰী পীয়ুষ হাজৰীকাই। মন্ত্ৰীগৰাকীয়ে গৈ প্লাৱিত অঞ্চলৰ লগতে মথাউৰিটোৰ স্থান পৰিদৰ্শন কৰে।

ছিগা অংশ দুটা শীঘ্ৰেই মেৰামতি কৰাৰ বাবে ইতিমধ্যে বিভাগে কাৰ্যপন্থা হাতত লৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আনহাতে মন্ত্ৰী হাজৰীকাই মথাউৰিটোৰ ছিগা অংশ দুটাৰ নিৰ্মাণ কাৰ্য শীঘ্ৰেই সম্পাদন কৰিবলৈ বিভাগীয় মুৰব্বীক নিৰ্দেশ প্ৰদান কৰে।

মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শন কালত তেওঁৰ লগত সাংসদ দিলীপ শইকীয়া, বিধায়ক বসন্ত দাস,মীন উন্নয়ন নিগমৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, দৰঙৰ জিলা আয়ুক্ত আৰু জলসম্পদ বিভাগ তথা জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে।

Also Read: টাইটানিকক বিচাৰিবলৈ গৈ সন্ধানহীন চাবমেৰিণ

pijush hazarika