/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/81d2dc80-cbb1-45f5-9ef1-c46a240dc3aa/pijush_bhai.jpg)
দুৰ্ঘটনাত পতিতক নিজৰ বাহনত উঠাই চিকিৎসালয়লৈ প্ৰেৰণ মন্ত্ৰী হাজৰীকাৰ
ডিজিটেল ডেস্কঃ মন্ত্ৰী পিযুষ হাজৰীকাৰ মহানুভৱতা। ব্যস্ততাৰ মাজতো বিপদগ্ৰস্থজনৰ কাষত মন্ত্ৰী পিযুষ হাজৰীকা। পথ দুৰ্ঘটনাত দুৰ্ঘটনাগ্ৰস্থ লোকসকলক নিজৰ বাহন আৰু কনভয়ৰ বাহনত উঠাই চিকিৎসালয়লৈ প্ৰেৰণ কৰে তেওঁ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/950361f5-b89b-4b0e-9e0e-ac4221b86d56/cab0607b_cba0_48f6_9f72_844c6e6851d9.jpg)
এই ঘটনা মৰিগাঁও চহৰৰ। মৰিগাঁওত ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভাৰ ব্যস্ততাৰ মাজতে মৰিগাঁও চহৰত দুখন বাহনৰ দুৰ্ঘটনা সংঘটিত হোৱা দেখা পাই মন্ত্ৰীগৰাকীয়ে। লগে লগে নিজৰ গাড়ীৰ পৰা নামি গৈ দুৰ্ঘটনাগ্ৰস্ত লোকসকলক নিজৰ ব্যক্তিগত বাহন আৰু কনভয়ৰ বাহনত উঠাই চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/34df7a0b-588c-42e1-8098-b120f89ff9f0/22a9ac72_24b5_4ad5_9648_9819e4c2d564.jpg)
ব্যস্ততাৰ মাজতো দুৰ্গতজনক সহায়ৰ বাবে সদায় প্ৰস্তুত এই মনোভাৱৰ বাবেই মন্ত্ৰীগৰাকীৰ মহানুভৱতাৰ উমান পাই উপস্থিত ৰাইজে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/bae9e537-6eaf-4302-b490-4d12baf11b6c/cf11ec70_d7da_46ee_a976_a2d143e9b020.jpg)
আৰু পঢ়কঃ অন্ধ্ৰ প্ৰদেশৰ বিধ্বংসী বলিং, ১১৩ ৰানতে অল আউট অসম