সমুদ্ৰগুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্তি

সমুদ্ৰগুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্তি

ডিজিটেল ডেস্ক : জ্যেষ্ঠ সাংবাদিক তথা সুলেখক ড০ সমুদ্ৰগুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্তি প্ৰদান কৰা হয়। মঙলবাৰে শিক্ষা মন্ত্ৰালয়ৰ পৰামৰ্শ মৰ্মে জ্যেষ্ঠ সাংবাদিকগৰাকীক কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ আচাৰ্যৰূপে তেওঁৰ নিযুক্তি প্ৰক্ৰিয়াত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰে।

সাংবাদিকগৰাকীৰ এই শুভ ক্ষণত বিভিন্ন মহলে শুভেচ্ছা জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে, সুলেখক তথা সাংবাদিক কাশ্যপে বিগত বৰ্ষত "শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বৰ গুণসমূহ তথা সামাজিক উদ্ভাৱনসমূহ" বিষয়ক গৱেষণা সম্পূৰ্ণ কৰি সন্মানীয় পি এইচ ডি ডিগ্ৰী লাভ কৰিছিল।

লগতে তেওঁ ৰাজ্য চৰকাৰৰ তথ্য আয়োগৰ আয়ুক্ত হিচাপে দায়িত্ব পালন কৰিছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে, এই পদত প্ৰথমগৰাকী সাংবাদিক হিচাপে ড০ সমুদ্ৰগুপ্ত কাশ্যপে দায়িত্ব লাভ কৰিছিল। 

সমুদ্ৰগুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্তি
চমৰিয়াত নাওখেল প্ৰতিযোগিতা আৰু বঁটা বিতৰণী সভা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in