বিহালীৰ কেইবাখনো সভাৰ লগতে বান খহনীয়া অঞ্চল পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰীকাৰ

প্ৰতিদিনে দুই লাখৰো অধিক লোকে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিছে : মন্ত্ৰী পিযুষ হাজৰীকা

author-image
Asomiya Pratidin
New Update
বিহালীৰ কেইবাখনো সভাৰ লগতে বান খহনীয়া অঞ্চল পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰীকাৰ

ডিজিটেল ডেস্ক : অসমৰ ৰাইজে বিজেপি দলক ভালপায়। প্ৰতিদিনে দুই লাখৰো অধিক লোকে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বিজেপি দল যথেষ্ট শক্তিশালী – এই মন্তব্য মন্ত্ৰী পিযুষ হাজৰীকাৰ। দেওবাৰে মন্ত্ৰীগৰাকীয়ে বিহালীৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰাৰ লগতে সাংগঠিক সভাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে।

Advertisment

আজি মন্ত্ৰী পিযুষ হাজৰীকাই বিহালী সমষ্টিৰ অন্তৰ্গত বাঘমাৰা মণ্ডল সমিতিয়ে আয়োজন কৰা ভাৰতীয় জনতা পাৰ্টিৰ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰে। এই সভাত দলৰ কাৰ্যকৰ্তাসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে অতি শীঘ্ৰে ৰাজ্য চৰকাৰৰ কল্যাণমূলক আঁচনি, যেনে- অৰুণোদয় ৩.০ আৰু ৰেচন কাৰ্ড ড্ৰাইভ আৰম্ভ হ’ব বুলি উপস্থিত ৰাইজক অৱগত কৰে।

ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰবিল চাহ বাগিচাৰ টুমবাৰীস্থিত বৰগাং নদীৰ খহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত জলসম্পদ বিভাগৰ অভিযন্তা আৰু বিষয়াসকলৰ সৈতে খহনীয়া সমস্যা সন্দৰ্ভত আলোচনা কৰে। লগতে প্ৰয়োজনীয় প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে।

একেদৰে ৰৌমাৰীত বুৰৈ নদীৰ সোঁদিশে খহনীয়াত আক্রান্ত অঞ্চলো পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। আজিৰ এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীক সংগ দিয়ে সাংসদ ৰঞ্জিত দত্তই।

খহনীয়া সন্দৰ্ভত মন্ত্ৰী হাজৰীকাই কয়- বিগত বানৰ সময়ত এই স্থানত খেতিপথাৰ খহনীয়াত জাহ গৈছিল। আজি সাংসদ ৰঞ্জিত দত্ত আৰু জিলা বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱাৰৰ সৈতে এই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লওঁ।

পৰিদৰ্শনকালত জলসম্পদ বিভাগৰ অভিযন্তা আৰু বিষয়াসকলৰ সৈতে খহনীয়া প্ৰতিৰোধী ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰাৰ কথাও ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে। লগতে এই স্থানত শাৰী শাৰীকৈ শক্তিশালীভাৱে পাৰ্কুপাইন স্থাপন কৰি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেঁও জানিবলৈ দিয়ে।

ইফালে বিগত দুটা সপ্তাহত জাগীৰোড সমষ্টিৰ ৪৪ সহস্ৰাধিক লোকে বিজেপি দলৰ সদস্যপদ গ্ৰহণ কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইয়াৰ দ্বাৰা বিজেপি দলৰ 'সদস্যতা অভিযান ২০২৪'ত সদস্যপদ গ্ৰহণ কৰা সমষ্টিসমূহৰ তালিকাত এতিয়ালৈ জাগীৰোড দ্বিতীয় স্থানত থকাৰ কথা অৱগত কৰে।

Also Read: ধেমাজি জিলা বিজেপিৰ উপ-সভাপতি কেশৱ কছাৰী আৰু নাই

pijush hazarika