ধেমাজি জিলা বিজেপিৰ উপ-সভাপতি কেশৱ কছাৰী আৰু নাই

ধেমাজি জিলা বিজেপিৰ উপ-সভাপতি কেশৱ কছাৰী আৰু নাই
Published on
Updated on

ডিজিটেল সংবাদ,ধেমাজি : ধেমাজি আই টি ডি পিৰ ব'ৰ্ডৰ চেয়াৰমন তথা ধেমাজি জিলা বিজেপিৰ উপ-সভাপতি কেশৱ কছাৰী(৫২)ৰ নিজ বাসগৃহ বাটঘৰীয়া চেচাঁহৰ গাঁৱত দেওবাৰে বিয়লি ৩.৪৫ মিনিটত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ঘটনাই ধেমাজিত গভীৰ শোকৰ ছাঁ পেলাইছে ৷ উল্লেখ্য যে কছাৰীয়ে ঘৰৰ ভিতৰৰ ৱালৰ ওপৰত থকা বিদ্যুতৰ চুইছ বৰ্ডত হাত দিওঁতেই হঠাতে বিদ্যুস্পৃষ্ট বাগৰি পৰে ৷

ঘটনাৰ পিছতেই পৰিয়ালে ততাতৈয়াকৈ ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসা কৰা পূৰ্বেই তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে ৷ ১৯৭২ চনত জন্মগ্ৰহন কৰা কেশৱ কছাৰীয়ে ১৯৮৯ চনত ধেমাজিৰ বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উতীৰ্ণ হৈছিল।

ইয়াৰ পাছত তেঁও ১৯৯১চনত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক, ১৯৯৪ চনত কটন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু ১৯৯৭ চনত গুৱাহাটী বিশ্ববিদ্যালয় পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৷ অতি অমায়িক, হাঁহিমুখীয়া মেধাৱী কেশৱ কছাৰীৰ মৃত্যুত সমগ্ৰ বাটঘৰীয়া অঞ্চলৰ লগতে ধেমাজিতো গভীৰ শোকৰ ছাঁ পৰিছে ৷

তেওঁৰ মৃত্যুৰ বাতৰি খবৰ বিয়পি পৰা লগে লগে ধেমাজি অসামৰিক চিকিৎসালয়ত তেওঁৰ গুণমুগ্ধসকলৰ লগতে বিজেপিৰ জিলা , মণ্ডল, ৱাৰ্ডৰ দলৰ কৰ্মী সকলে শোক প্ৰকাশ কৰে। বিজেপি দলৰ সতীৰ্থ কৰ্মী কেশৱ কছাৰীক হেৰুৱাই দলৰ কৰ্মীসকলে গভীৰ শোক প্ৰকাশ কৰিছে ৷

জিলাখনৰ বিভিন্ন সমস্যাৰাজী সন্দৰ্ভত বলিষ্ঠভাৱে মাত মাতি অহা কেশৱ কছাৰীৰ মৃত্যুত বিজেপি দলৰে নহয় সমাজৰ বাবেও এক অপূৰণীয় ক্ষতি হোৱা বুলি জিলা বিজেপিৰ জ্যেষ্ঠ কৰ্মীসকলে উল্লেখ কৰে ৷ মৃত্যুৰ সময়ত কছাৰীয়ে তেওঁৰ পত্নীৰ সৈতে দুই কনমানি সন্তান , ভাতৃ লগতেৰ পৰিয়ালৰ বহুজনক এৰি গৈছে ৷

ধেমাজি জিলা বিজেপিৰ উপ-সভাপতি কেশৱ কছাৰী আৰু নাই
বৰপেটাৰ তৰাবাৰী আৰক্ষীৰ জালত ট্ৰাক হাইজেককাৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in