/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/3d14ffbb-973c-4e0d-bd7b-143dffcf206d/r16.jpg)
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে ধুবুৰী জিলাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্ত অঞ্চল ভ্ৰমণ কৰে। ভ্ৰমণ কালত বিন্নাচাৰা নামৰ স্থানত গংগাধৰ নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে চলি থকা বিভাগীয় কাম পৰিদৰ্শন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/ce47aec5-0e9c-4ecb-9aa0-6decab9d45d7/923a8e1c_93b4_45cd_b668_4b81db83c2e3.jpg)
উল্লেখযোগ্য যে গংগাধৰ নদীৰ খহনীয়াত ক্ষতিগ্ৰস্ত ভাৰত-বাংলাদেশ সীমাৰ কানুৰি-বিন্নাচাৰা সংযোগী পথ মেৰামতি আৰু বিন্নাচাৰাত স্থায়ী খহনীয়া প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিবলৈ প্ৰায় ১২.৫ কোটি টকাৰ পুঁজিসাপেক্ষ বিভাগীয় এক আঁচনিৰ অধীনত কাম চলি আছে । মন্ত্ৰী হাজৰীকাই আজি অঞ্চলটো পৰিদৰ্শন কৰাৰ সময়ত স্থানীয় ৰাইজে ক্ষীপ্ৰতাৰে চলি থকা খহনীয়া ৰোধৰ কামত সন্তোষ্টি প্ৰকাশ কৰি মন্ত্ৰী হাজৰীকাক কৃতজ্ঞতা জ্ঞাপন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/6bd0c588-8fa7-4c7e-8e4a-e3ec1cc9ca13/bcc1631c_cbba_48cb_81e5_9df9aaed50f6.jpg)
বিন্নাচাৰা অঞ্চল পৰিদৰ্শনৰ সময়ত মন্ত্ৰী হাজৰীকাই বিভাগীয় অভিযন্তাক সূক্ষ্মভাৱে কাম নিৰীক্ষণ কৰি সময়মতে সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । পাছত মন্ত্ৰীগৰাকীয়ে উপস্থিত সাংবাদিকৰে হোৱা সাক্ষাতত কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলৰ উন্নয়নৰ বাবে তেওঁলোকে গুৰুত্ব সহকাৰে কাম কৰি আছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/666b94b7-8aa4-49e9-be7b-9c909c4a6392/2ab7327d_c2c7_4c62_ad80_0e45217c34ce.jpg)
আনহাতে সীমান্ত অঞ্চলৰ ৰাইজে যাতে উন্নত বাট-পথ আৰু আন ব্যৱস্থাৰে উন্নত জীৱন এটা কটাব পাৰে সেয়া সুনিশ্চিত কৰিবলৈও মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্য চৰকাৰে কাম কৰি থকা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । পাছত মন্ত্ৰী হাজৰীকাই জিলাখনৰ বেলগুৰি অঞ্চলত উপস্থিত হৈ গংগাধৰ নদীৰ বানৰ প্ৰকোপৰ পৰা অঞ্চলবাসীক সকাহ দিবলৈ জলসম্পদ বিভাগে হাতত লোৱা ৫ কোটি টকা ব্যয়সাপেক্ষ আঁচনিৰ অধীনত চলি থকা কাম পৰিদৰ্শন কৰে ।
এই কাম ক্ষীপ্ৰতাৰে কৰি সময়মতে সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰী হাজৰীকাই বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/95633388-82fd-43b1-824e-fb1e375c5fa6/13919145_f951_4689_a64a_0d5860a205a0.jpg)
Also Read: গোলাঘাট চাউদাংপথাৰত মৌ-পালনৰ প্ৰশিক্ষণ আৰু সামগ্ৰী বিতৰণ