/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/eea77f48-b626-464d-b19c-4e00936c61d3/r15.jpg)
ডিজিটেল সংবাদ,যোৰহাটঃ যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগতত্ব বিভাগৰ সৰ্বভাৰতীয় সমম্বিত মৌ-মাখি আৰু অন্য পৰাগ সংযোগকাৰী কীট পতংগৰ গৱেষণা প্ৰকল্পৰ উদ্যোগত গোলাঘাটৰ চাউদাংপথাৰত এখনি এদিনীয়া মৌ-পালন প্ৰশিক্ষণ অনুষ্ঠিত হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/85ba250a-b19b-4a71-9afd-89a16e072811/99041f28_dee9_4c79_bead_7a516cb333e6.jpg)
উক্ত অনুষ্ঠানত প্ৰকল্পটোৰ মুখ্য বিজ্ঞানী ড° মুকুল ডেকাৰ লগতে কণিষ্ঠ বিজ্ঞানী প্ৰাৰ্থপ্ৰতীম জ্ঞানোদয় দাস আৰু সহযোগী কুটুবুৰ্দ্দিন আহমেদ উপস্থিত থাকে ৷ এই প্ৰশিক্ষণ কায্যসূচীত মৌ পালনৰ বিভিন্ন আনুসাংগিক দিশত বিষদভাবে আলোচনা কৰা লগতে উল্লেখিত অঞ্চলৰ ২০ গৰাকী উদ্যোগী মৌ-পালকক মৌ-বাকচ, মৌ জাকৰ সঁচকে ধৰি বিভিন্ন সামগ্ৰী টি এছ পি অনুদানৰ অধীনত প্ৰদান কৰা হয় ৷
প্ৰশিক্ষণস্থলীত উপস্থিত থকা গোলাঘাটৰ কমাৰবন্ধাৰ প্ৰগতিশীল মৌ -পালক তনুৰাম বৰাৰ সাৰুৱা ভাষণেৰে অনুষ্ঠান সামৰণি মৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/574958e3-05bf-4697-8f70-de7d85c36add/815f1e1e_9423_45b5_90c6_0732d562a014.jpg)
Also Read: ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াৰ পৰা পৰিত্ৰাণৰ বাবে গংগা পূজা কৰিলে চিমেনমুখৰ নৈপৰীয়াই