'যোগ্য আৰু অভিজ্ঞ ব্যক্তিসকলে প্ৰাৰ্থিত্ব লাভ কৰিছে' - মন্ত্ৰী পীযুষ হাজৰিকা

বিৰোধীয়ে এতিয়াও প্ৰাৰ্থী বিচাৰি পোৱা নাই
'যোগ্য আৰু অভিজ্ঞ ব্যক্তিসকলে প্ৰাৰ্থিত্ব লাভ কৰিছে' - মন্ত্ৰী পীযুষ হাজৰিকা
'যোগ্য আৰু অভিজ্ঞ ব্যক্তিসকলে প্ৰাৰ্থিত্ব লাভ কৰিছে' - মন্ত্ৰী পীযুষ হাজৰিকা

ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সদ্য ঘোষিত ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থীৰ তালিকা সন্দৰ্ভত আজি অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকৰ আগত নিজৰ প্ৰতিকিয়া ব্যক্ত কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতীয় জনতা দলে অভিজ্ঞ আৰু যোগ্য ব্যক্তিক আগবঢ়াই দিছে।

ৰাজ্যৰ জ্যেষ্ঠ মন্ত্ৰী পৰিমল শুক্লবদ্যক শিলচৰৰ প্ৰাৰ্থীত্ব প্ৰদান কৰা বিষয়ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰীকাই কয় যে, শুক্লবৈদ্য ডাঙৰীয়া পাৰ্টীৰ আটাইতকৈ পুৰণি মানুহ। তেওঁ বৰ্তমান যদিও মন্ত্ৰী পদত আছে তথাপিও দলে তেওঁক শিলচৰৰ পৰা প্ৰাৰ্থী হিচাপে আগবঢ়াইছে।

ৰঞ্জিত দত্ত দলৰ আটাইতকৈ বিজ্ঞ এজন ব্যক্তি আৰু তেজপুৰৰ পৰা দত্ত ডাঙৰীয়াক প্ৰাৰ্থী হিচাপে দলে আগবঢ়াই দিছে। আনহাতে বিজুলী কলিতা দলৰ এগৰাকী জ্যেষ্ঠ কাৰ্য্যকৰ্তা হিচাপে টিকেট লাভ কৰিছে।

উল্লেখ্য যে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই লোকসভা নিৰ্বাচন ডিব্ৰুগড়ৰ পৰা খেলিব। মন্ত্ৰী হাজৰীকাৰ মতে এইখন খুব ভাল তালিকা প্ৰস্তুত হৈছে। এইখন তালিকা দেখি বিপক্ষ শিবিৰত যি খন্তেকীয়া সুখ আছিল সেইয়াও নাইকীয়া হৈছে।

তেওঁ আৰু কয় যে, শুনামতে বিপক্ষ শিবিৰত এতিয়াও প্ৰাৰ্থী তালিকা সালসলনি হৈ আছে। কংগ্ৰেছ দলৰ কাজিৰঙা, যোৰহাট, ডিব্ৰুগড় সমষ্টিত বৰ্তমানেও কোনো প্ৰাৰ্থী নিৰ্ধাৰিত হোৱা নাই তাৰ কাৰণ মন্ত্ৰীজনে জানিবলৈ দিয়া মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয়তা আৰু সেই কাৰণেই বিপক্ষ দলৰ থকা সৰকা অৱস্থা।

'যোগ্য আৰু অভিজ্ঞ ব্যক্তিসকলে প্ৰাৰ্থিত্ব লাভ কৰিছে' - মন্ত্ৰী পীযুষ হাজৰিকা
আম্বানীৰ চকুত চকুপানী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in