/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/0ab6c9a2-682a-494f-bc55-789ab90417ae/ANI_20230623165_0_1691556209066_1691556281176.avif)
ডিজিটেল ডেস্কঃ দেশৰ ভিতৰতে আটাইতকৈ ধনী ব্যক্তিগৰাকাৰীৰ চকুত চকুপানী! ৰাজনীতিকৰ দৰে পিছে এয়া ঘৰিয়ালৰ চকুপানী নহয়, সঁচাকৈয়ে উচুপি উঠা দেখা গ’ল দেশৰ ভিতৰতে আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীক। দৰাচলতে মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ প্ৰাক-বিবাহৰ অনুষ্ঠান চলি আছে গুজৰাটৰ জামনগৰত। আম্বানীৰ জন্মভূমি এই জামনগৰতে তিনিদিনীয়াকৈ আয়োজন কৰা প্ৰাক-বিবাহ অনুষ্ঠানত আম্বানী পৰিয়ালে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিছে। আমন্ত্ৰিত অতিথিক নিজ হাতে অপ্যায়ন কৰিছে মুকেশ আম্বানী, পুত্ৰ অনন্ত আৰু আম্বানী পৰিয়ালৰ হ’বলগীয়া বোৱাৰী ৰাধিকা মাৰ্চেণ্টে।
অনুষ্ঠানলৈ অহা অভ্যাগতক পদূলিমুখত সেৱা লৈ আদৰণিও জনাইছে হ’বলগীয়া পতি-পত্নীহালে। সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে প্ৰাক-বিবাহ অনুষ্ঠানৰ বহু ভিডিঅ’। ইফালে শনিবাৰে আছিল এই অনুষ্ঠানৰ দ্বিতীয় দিন। শনিবাৰে এই অনুষ্ঠানত মঞ্চৰ কাৰ্যক্ৰমত মঞ্চত থিয় হৈ থকা দেখা যায় দৰা অনন্ত আম্বানী আৰু কইনা ৰাধিকাক। সেই সময়তে অনন্তৰ এষাৰ কথাত উচুপি উঠে দেশৰ আটাইতকৈ ধনাঢ্য ব্যক্তিগৰাকী। দৰাচলতে মঞ্চৰ ওপৰত অনন্তই তেওঁৰ হ’বলগীয়া পত্নীক উদ্দ্যেশি কোৱা শুনা যায়, "মোৰ পৰিয়ালৰ লোকে দিনে নিশাই কষ্ট কৰি এই অনুষ্ঠানটো কেৱল মোৰ আনন্দৰ বাবেই আয়োজন কৰিছে।
যোৱা দুই-তিনিমাহ ধৰি কোনোৱেই ৰাতি ২-৩ ঘণ্টাতকৈ বেছি শুব পৰা নাই।'' অনন্তই এইদৰে কোৱাৰ সময়ত মঞ্চৰ সন্মুখত বহি আছিল পিতৃ-মাতৃ, ভাতৃ আকাশ, ভগ্নী ঈশা আৰু পৰিয়ালৰ বাকীসকল সদস্য। মঞ্চৰ পৰাই এইবাৰ অনন্তই তেওঁৰ শাৰীৰিক সমস্যাৰ কথাও ক’বলৈ আৰম্ভ কৰে। তেওঁ কয়, 'মোৰ জীৱন কেতিয়াও গোলাপৰ পাপৰিসদৃশ নহয়। মই কাঁইটৰ বেদনাও অনুভৱ কৰিব লগা হৈছে। সৰুৰে পৰাই বিভিন্ন শাৰীৰিক সমস্যাত ভুগি আহিছো। কিন্তু দেউতা আৰু মায়ে মোক সেই দুখ-কষ্ট কেতিয়াও বুজিবলৈ নিদিলে। তেওঁলোকে সদায় মোৰ কাষত থাকি মোক সাহস দি আহিছে।'' পুত্ৰৰ শাৰীৰিক অৱস্থা আৰু জীৱন যাত্ৰাৰ কাহিনী শুনি সেই সময়ত মুখখন বেকা কৰি উচুপি উঠা দেখা যায় মুকেশ আম্বানীক।