/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/775a0f15-a5ef-447d-856a-4eca6e7db1e8/pijush_da.jpg)
ডিজিটেল ডেস্ক : অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে তামুলপুৰ সমষ্টিৰ অন্তৰ্গত দুটা অঞ্চল ভ্ৰমণ কৰি পাগলাদিয়া আৰু শুক্লাই নদীৰ মথাউৰি মেৰামতিৰ কামৰ অগ্ৰগতিৰ বুজ লয় । প্ৰথমতে মন্ত্ৰীগৰাকীয়ে হাঁহকটা অঞ্চলত নিৰ্মীয়মান পাগলাদিয়া নদীৰ মথাউৰিৰ কামৰ অগ্ৰগতিৰ বুজ লয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/c9a70a7c-da4f-4e96-9f93-2c7c71b6ea69/56b501ff_3147_4028_9bb6_d4db8679b88d.jpg)
উল্লেখ্য যে, বিগত বাৰিষাত অঞ্চলটোত মথাউৰি চিগি কাষৰীয়া অঞ্চলত বানৰ সৃষ্টি কৰিছিল । বিভাগীয়ভাৱে প্ৰায় ১৬ কোটি টকা ব্যয়েৰে মথাউৰিৰ চিগা অংশ মেৰামতি কৰাৰ লগতে মথাউৰি ওখ আৰু শক্তিশালী কৰাৰ কাম চলি আছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/25554896-8310-49e9-b361-e83539a58f65/82f4de3a_e02e_4f4d_90c2_442c6b2616c5.jpg)
আজিৰ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰক নিৰ্দেশনা প্ৰদান কৰে । পাছত মন্ত্ৰী হাজৰীকাই ভোলাঝাৰ অঞ্চলত উপস্থিত হৈ অঞ্চলটোত নিৰ্মীয়মান শুক্লাই নদীৰ মথাউৰিৰ কামৰ অগ্ৰগতিৰ বুজ লয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/f626e42f-823c-42cc-802e-4ee7060178b5/8dbbc00b_f511_4852_a839_78f1bfc2d37b.jpg)
অঞ্চলটোত বিগত বানত চিঙা মথাউৰি মেৰামতি আৰু ওখ কৰাৰ বাবে জলসম্পদ বিভাগৰ পৰা প্ৰায় ৪.৯ কোটি টকাৰ আঁচনি গ্ৰহণ কৰি কাম কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে । মন্ত্ৰীগৰাকীৰ সৈতে আজিৰ পৰিদৰ্শনকালত তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰী আৰু কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ লগতে বিভাগীয় মুখ্য অভিযন্তা আৰু আন বিষয়াসকল উপস্থিত থাকে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/e9ae4d5c-4e56-4838-850a-3d78af29b3b7/a1d127b6_4aba_4a9d_8999_d418b1910729.jpg)
Also Read: কোকৰাঝাৰত বি পি এফৰ সমদল : বি টি চি প্ৰধান প্ৰমোদ বড়োক কঠোৰ সমালোচনা হাগ্ৰামা মহিলাৰীৰ