/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/c8fe5a94-aaab-4849-a32f-977e4758f9b6/hagrama.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ : বি পিএফ দলৰ উদ্যোগত বৃহস্পতিবাৰে কোকৰাঝাৰৰ বনৰগাওঁ পৰিষদীয় সমষ্টিৰ মাগুৰমাৰীত আৰু হাগ্ৰামা মহিলাৰীৰ গৃহসমষ্টি দেৱৰগাঁওত বিশাল পদযাত্ৰা আৰু জনসভা অনুষ্ঠিত হয় । বি পি এফৰ বিশাল পদযাত্ৰা আৰু জনসভাত জনতাৰ পাৰ ভঙা উছাহ আৰু গৃহসমষ্টি দেৱৰগাঁও আৰু মাগুৰমাৰীত অনুষ্ঠিত হোৱা দুয়োখন সভাই জনসমুদ্ৰত পৰিণত হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/c09e159f-d1cd-4fa9-84af-584c1c0caf0d/b7d53214_e57c_4dc1_a606_6a06c7ad524a.jpg)
আজি অনুষ্ঠিত হোৱা পদযাত্ৰা আৰু জনসভাত বি পি এফৰ সাধাৰণ সম্পাদক মহেশ্বৰ বসুমতাৰী , শীৰ্ষ নেতা খাম্পা বৰগয়াৰী , দেৰহাছাৎ বসুমতাৰীসহ দলীয় নেতা-কৰ্মীকে ধৰি কেবাটাও জাতীয় সংগঠনৰ নেতৃবৰ্গ উপস্থিত থকাৰ লগতে কেইবা সহস্ৰাধিক বি পি এফৰ সমৰ্থক ৰাইজ উপস্থিত থাকি দুয়োখন সভাই জনসমুদ্ৰত পৰিণত কৰে। দুয়োখন সভাতে "প্ৰমোদ বড়ো হাটাও বি টি চি বচাও, প্ৰমোদ বড়োৰ কাম নাই, বিপিএফ জিন্দাবাদ" আদি শ্লোগানেৰে উত্তাল হৈ পৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/98650077-b375-4c24-a48e-38854774fcf2/49c438cb_d693_4481_b16f_528c763e0d16.jpg)
ইপিনে পদযাত্ৰাত অংশগ্ৰহণ কৰা হাগ্ৰামা মহিলাৰীক পদযাত্ৰাৰ সময়ছোৱাত কেইবাঠাইত ৰাইজে পুষ্প ছটিয়াই আদৰণি জনায়। মাগুৰমাৰীৰ পৰা প্ৰায় ২কিলোমিটাৰ পথ পদযাত্ৰা কৰি আহি হাগ্ৰামা মহিলিৰীয়ে শালবাগান পথাৰত এক বিশাল জনজাগৰণ সভাত অংশ লৈ বিটিআৰ প্ৰধান তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে সৰব হৈ পৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/e80778c8-8692-4ba9-b250-cf80ca80c67e/221ec6b3_3ec7_4686_bf34_d4f5942d74e8.jpg)
প্ৰমোদ বড়োই যোৱা ৩ বছৰত একো কাম নকৰিলে বৰং বিটিচি ধ্বংস কৰিবলৈ গৈ আছে বুলি মন্তব্য কৰি প্ৰমোদ বড়ো হাটাও , বিটিচি বাচাও বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে । লগতে তেওঁ কয় "প্ৰমোদ বড়োই বিটিচি অঞ্চলত শান্তি আনিব পৰা নাই , একতা আনিব পৰা নাই, উন্নয়ন আনিব পৰা নাই ৷ প্ৰমোদ বড়োৱে বড়ো মানুহৰ ওপৰতে অত্যাচাৰ কৰিছে , প্ৰতাৰণা কৰিছে, আন আন জাতি জনগোষ্ঠীৰ ওপৰত অত্যাচাৰ কৰাটো সাধাৰণ কথা" বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে ।
বহু ঠাইত উচ্ছেদৰ জাননী দিছে , কোনেও ঘৰ এৰি যাব নালাগে , উচ্ছেদ কৰিলে আমি ঘৰ বনাই দিম বুলি মন্তব্য কৰি ২০০৩ চনৰ বিটিচি চুক্তিৰ দিনটোৰে পৰা যিসকল ইয়াত আছিল তেওঁলোক ইয়াতেই থাকিব বুলি মন্তব্য কৰে মহিলাৰীয়ে । প্ৰমোদ বড়ো চৰকাৰৰ অডিট হোৱা নাই, হিচাপ দিব নোৱাৰিলে পিছত জালত পৰিব বুলি মন্তব্য কৰি মহিলাৰীয়ে প্ৰমোদ বড়ো চৰকাৰ নিশকতীয়া , এজনকো চাকৰি দিব নোৱাৰিলে আৰু চাকৰি দিয়াৰ ক্ষমতা দিছপুৰৰ হাতত গতাই দিছে বুলি মন্তব্য কৰিছে ।
হাগ্ৰামা মহিলাৰীয়ে দুয়োখন সভাতে প্ৰমোদ বড়োক কঠোৰ সমালোচনা কৰি অকল মেলা পাতি টকা খোৱাৰ ধান্দাত থাকে বুলি মন্তব্য কৰি ৩বছৰ একো উন্নয়ন নকৰা প্ৰমোদ বড়ো চৰকাৰৰ দিনত হে শ্ৰীৰামপুৰত ছিণ্ডিকেট চলি আছে আৰু ছিণ্ডিকেটৰ সতে প্ৰমোদ বড়ো নিজেও জড়িত আছে বুলি মন্তব্য কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/341b512c-789d-4f23-a2b4-f9dcaffc98d9/77f6d144_708b_4991_b0d4_b0adb1226e93.jpg)
উল্লেখ্য যে, বিটিচি অঞ্চলত শান্তিৰ বাবে বিপিএফৰ উদ্যোগত যোৱা ১৩ মাৰ্চৰ পৰা পৰিষদীয় সমষ্টিয়ে সমষ্টিয়ে এই শান্তিৰ পদযাত্ৰা তথা ৰেলী চলি আছে আৰু অহা ১০-১২ দিন এই ৰেলী চলিব বুলি উল্লেখ কৰি ৰেলীত বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজ ওলাই আহি সফল কৰাত সকলোলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে ৷
Also Read: কৃষি মাণ্ডলিক গৱেষণা কেন্দ্র, চিলঙণীত ‘বিশ্ব বতৰ দিৱস’ উদযাপন