/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/58241495-f10f-4e41-87d0-147ea6393f33/jagirod.jpg)
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী তথা জাগীৰোড বিধানসভা সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকাই বৃহস্পতিবাৰে জাগীৰোড মহাবিদ্যালয়ত ৰুচা ২.০ আঁচনিৰ অধীনত ১ কোটি টকা ব্যয়েৰে নিৰ্মিত মহাবিদ্যালয়খনৰ এটা নতুন ভৱন উদ্বোধন কৰে । লগতে মন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ দুটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/8183d99e-d8ec-41e6-b100-b9f196f9b739/35e47aa4_e668_496f_a5bc_1bf090790026.jpg)
মন্ত্ৰীগৰাকীয়ে প্ৰথমতে জাগীৰোড মহাবিদ্যালয়ৰ নতুন ভৱনটো উদ্বোধন কৰি মহাবিদ্যালয়খনৰ সভা গৃহত এখন বিশেষ বৈঠকত অংশগ্ৰহণ কৰে । ভাৰতবৰ্ষৰ অধ্যক্ষতাত চলি থকা জি-২০ ৰ বৈঠকৰ লগত সংগতি ৰাখি জাগীৰোড মহাবিদ্যালয়ত "জন ভাগীদাৰ" কাৰ্যসূচীৰ অধীনত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক সমাজ, মহবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য তথা স্থানীয় ৰাইজৰ সৈতে মন্ত্ৰী পীযুষ হাজৰিকাই মত-বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/3cd9c261-bc4c-412d-a06c-730db0371f5e/43841bc8_17ae_47e8_a84d_96884b6b3c17.jpg)
উপস্থিত সকলোকে উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে, "জাগীৰোড সমষ্টিৰ বিধায়ক হিচাপে তেওঁ সমষ্টিৰ উন্নয়নৰ বাবে কিছু কাম হাতত ল'বলৈ পাই গৌৰৱ অনুভৱ কৰিছে । বিশেষকৈ তেওঁ জাগীৰোডৰ বিভিন্ন স্থানত পথ আৰু দলং নিৰ্মাণ, এটা মিনি ষ্টেডিয়াম নিৰ্মাণ তথা সমষ্টিবাসীক বানৰ পৰা মুক্ত কৰিবলৈ লাহৰিঘাটত ব্ৰহ্মপুত্ৰৰ কাষত প্ৰায় ১৪ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ আদি কামবোৰৰ কথা উল্লেখ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/1a57f0fe-8ef2-4c88-a5a4-cd19998e9376/81f63ced_5ad5_47f0_ba4a_2e0e731a93e7.jpg)
আনহাতে জাগীৰোডস্থিত আগৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ সমস্যা সমাধান কৰোতে থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । আনহাতে বানপানীৰ প্ৰকোপ হ্ৰাস পোৱা বাবে বিগত সময়ত জাগীৰোড সমষ্টিত কৃষি কৰ্মকে ধৰি অৰ্থনৈতিক উন্নয়ন আৰম্ভ হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই ভৱিষ্যতে জাগীৰোডত উদ্যোগীকৰণ পুনৰ আৰম্ভ হ’ব বুলি আশা প্ৰকাশ কৰে । আজি সভাতে মন্ত্ৰীগৰাকীয়ে জাগীৰোড মহাবিদ্যালয়ত প্ৰয়োজন হৈ থকা 'ইন্দোৰ ষ্টেডিয়াম' নিৰ্মাণৰ বাবেও অনাগত দুই তিনি মাহৰ ভিতৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/cbcf68b7-1b87-401a-85c2-5c97fb7b0336/ffe25462_9c7b_4721_bf80_fbfc4f7f52da.jpg)
পাছত মন্ত্ৰী হাজৰীকাই ক্ৰমে গোধা গাঁও পঞ্চায়তৰ অন্তৰ্গত সিদ্ধিশৰ বাপুজী প্ৰাথমিক বিদ্যালয় প্ৰাংগনৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ আৰু নেলী গাঁও পঞ্চায়তৰ পলাহগুৰি আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে । আধাৰশিলা স্থাপন কাৰ্যসূচীত উপস্থিত স্থানীয় ৰাইজক উদ্দেশ্যি ৰখা বক্তব্যত মন্ত্ৰী হাজৰীকাই কয় যে, "অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিবলৈ তেওঁ যথেষ্ট আগ্ৰহী কিয়নো এই কেন্দ্ৰতে আমাৰ কণ কণ শিশু সকলৰ শিক্ষা জীৱনৰ আদিপাঠ আৰম্ভ হয় । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰি শিশু সকলৰ শৈক্ষিক আদিপাঠ গ্ৰহণৰ এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস কৰা বুলিও মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে ।
Also Read: আহি আছে 'বিপৰ্যয়'! পাকিস্তানবাসীকো মন্ত্ৰীৰ সতৰ্কবাণী