/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/bcc2240c-d7ad-4f5c-99d5-f570f6528f3a/maal.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ সমীপৰ ইটাখোলাত আৰক্ষীৰ অভিযান। বুধবাৰে দিনৰ ভাগত ইটাখোলা আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অৰুণাচল প্ৰদেশৰ চিজুচাৰ পৰা এখন মাৰুটি ভেনত কঢ়িয়াই অনা বৃহৎ পৰিমানৰ অবৈধ অৰুনাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ।
ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ জোতি শইকীয়াৰ বিশেষ তৎপৰতাত চলে এই অভিযান। আৰক্ষীয়ে জনোৱা মতে, অসম-অৰুণাচল সীমান্তৰ চিজুছাৰ দিশৰ পৰা আহি থকা AS 12 H 648 নম্বৰৰ মাৰুতী ভেনখনত জামুগুৰিহাটৰ টুপীয়া বেতগুৰিৰ ধন ভূঞা নামৰ সুৰা ব্যৱসায়ীজনক অবৈধ অৰুনাচলী সুৰাসহ আটক কৰি ইটাখোলা আৰক্ষী চকীলৈ আনে ।
উল্লেখযোগ্য যে বিগত সময়ছোৱাত উক্ত অঞ্চলটোত চলি থকা মদ ,ভাং, অবৈধ অৰুণাচলী সুৰা,ড্ৰাগছ সৰবৰাহ এতিয়া নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে। ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে অসামাজিক কাৰ্য-কলাপ ৰোধ কৰিবলৈ ব্যাপক প্ৰচেষ্টা চলাই আহিছে।
অৱশ্যে একাংশ অসাধু লোকে মাজে সময়ে এনেবোৰ অসামাজিক কাৰ্য-কলাপ বিনাদ্বিধাই চলাই আহিছে বুলি জানিব পৰা গৈছে।
Also Read: চতিয়াত শিশুৰ সলিল সমাধি