ৰঙিয়াত বিজেপিৰ বিশাল যোগদান সভাত মন্ত্ৰী পীযুষ হাজৰীকাৰ অংশগ্ৰহণ...

ৰঙিয়াত বিজেপিৰ বিশাল যোগদান সভাত মন্ত্ৰী পীযুষ হাজৰীকাৰ অংশগ্ৰহণ...
ৰঙিয়াত বিজেপিৰ বিশাল যোগদান সভাত মন্ত্ৰী পীযুষ হাজৰীকাৰ অংশগ্ৰহণ...

ডিজিটেল সংবাদ ৰঙিয়াঃ ''অহা লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰশক্তিয়ে অতি কমেও ১২ টা সমষ্টিত জয়লাভ কৰিব।'' - এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। আজি ৰঙিয়াত বিজেপিৰ বিশাল যোগদান সমাৰোহ আৰু কাৰ্যকৰ্তা সন্মিলনত ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।

যোৱা ২০ দিন ধৰি অসমৰ কেবাখনো জিলাত ৰাজহুৱা সভাত মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰা বুলি উল্লেখ কৰি কয় যে, বিগত ২০ দিনত এইখন তেওঁৰ ১০ নম্বৰ ৰাজহুৱা সভা। এই ২০ দিনৰ অভিজ্ঞতাৰ পৰা মন্ত্ৰীগৰাকীয়ে অহা লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু বিজেপিৰ মিত্ৰশক্তিয়ে অতি কমেও ১২ টা সমষ্টিত জয়লাভ কৰিব বুলি কয়।

ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে, আজি অসমৰ চাৰিওফালে কেৱল বিজেপি বিজেপি পৰিৱেশ, য’তেই সভালৈ গৈছো, তাতেই হাজাৰ হাজাৰ মানুহৰ সমাৱেশ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে যদি কাম নকিৰিলেহেঁতেন, এনেদৰে হাজাৰ হাজাৰ মানুহ তেওঁলোকৰ সভালৈ নাহিলহেঁতেন। চৰকাৰখনে জনতাৰ বাবে কাম কৰাৰ বাবে এনেদৰে ৰাইজ আজি সভালৈ ওলাই আহিছে বুলি মন্ত্ৰীগৰাকীয়ে কয়।

ভাষণত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, যোৱা ৯ টা বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, যোৱা ৭ টা বছৰত অসমত বিজেপি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে যদি অসমৰ মানুহক সহায় নকৰিলেহেঁতেন, তেন্তে আজি ৰঙিয়াত ২ হাজাৰতকৈ বেছি মানুহে বিজেপি দলত যোগদান নকৰিলেহেঁতেন। আজি কংগ্ৰেছ দল মানুহে কৰিবলৈ বেয়া পায়, অন্য দল বিলাকৰ নামেই নাজানে ৰাইজে।

মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ লগতে এজেপি আৰু ৰাইজৰ দলক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে, এজেপিৰ এজনো বিধায়ক ক’তো নাই, এজনো জিলা পৰিষদৰ সদস্য ক’তো নাই, সাংসদতো দূৰৰ কথা। আনহাতে, ৰাইজৰ দল বুলি এটা দল আছে, তেওঁলোকৰ এজনেই বিধায়ক আৰু দ্বিতীয়জন কোন অসমৰ মানুহে চিনি নাপায়। সেয়ে ৰাইজৰ দলৰ অখিল গগৈয়ে ৰাইজৰ লগত সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিছে। অখিল গগৈৰ দুবছৰত ৰাইজৰ লগত কোনো সংযোগ নাছিল, সংযোগ বিচ্ছিন্ন হৈ আছিল। সেয়ে এতিয়া কেইখনমান চাইকেল লৈ অখিলে সংযোগ স্থাপনৰ চেষ্টা চলাব লগা হৈছে।

আনহাতে, কংগ্ৰেছ দলক চোকা সমালোচনা কৰি কয় যে কংগ্ৰেছে লগত ১৫ টা দল আছে বুলি কয় যদিও সেই দলবিলাকৰ ৰাইজে নামো নাজানে। এই দলবিলাক হ’ল দুটা, তিনিটা মানুহৰ একো একোটা গোট বা সমষ্টি। মন্ত্ৰীগৰাকীয়ে কয় যে, এই দলবোৰৰ প্ৰতি ৰাইজৰ মোহভংগ ঘটিছে আৰু বিজেপিৰ প্ৰতি আস্থা বাঢ়িছে, যাৰ বাবে আজি কংগ্ৰেছ, এজেপি, ৰাইজৰ দলৰ কাৰ্যকৰ্তাই বিজেপি দলত যোগদান কৰিছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নেতৃত্বত আজি অসমৰ চোকে কোণে, গাঁৱে-ভূঞে বিজেপি দল শক্তিশালী হৈ পৰিছে আৰু অধিক শক্তিশালী হ’ব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। সভাত মন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰাৰ প্ৰসংগ উত্থাপন কৰি কয় যে, আমি অৰুণোদয় আঁচনিৰ ধন দুবাৰ বঢ়ালো। ৮৫০ৰ পৰা ১০০০ টকা, ১০০০ৰ পৰা ১২৫০ টকালৈ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে আৰু দুমাহৰ ভিতৰত এই ধন ১৪৫০ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

আনাহতে, মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি নিবনুৱা যুৱক-যুৱতীক নিযুক্তি দিয়াৰ কথা উল্লেখ কৰি কয় যে, আমি আঢ়ৈ বছৰত ৮৭ হাজাৰ নিৱনুৱা যুৱক-যুৱতীক চাকৰি দিলো। মন্ত্ৰীগৰাকীয়ে আগন্তুক আঢ়ৈটা বছৰত আৰু ৪৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

মন্ত্ৰীগৰাকীয়ে কয় যে, আমি প্ৰতিশ্ৰুতি পালন কৰি কাম কৰাৰ ৰেকৰ্ড গঢ়িম। আমাৰ চৰকাৰৰ দিনত দুৰ্নীতি ক’তো হোৱা নাই। কংগ্ৰেছ চৰকাৰৰ দিনত এপিএছচি, এচিএছৰ চাকৰিৰ নামত কেনেকুৱা দুৰ্নীতি সংঘটিত হৈছিল সকলোৱে জানে। এটা পদৰ নামত ৫০ লাখ, ৭০ লাখ টকালৈকে দৰদাম উঠিছিল। কিন্তু আমি এই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’লো। আমি মেধাৰ ভিত্তিত চাকৰি দিয়াৰ ব্যৱস্থা কৰিলো, ইয়াত কোনো ধনী-দুখীয়াৰ কথা নাই। এনেদৰে আমি অসমৰ পৰিৱেশ সলনি কৰিলো। এনেদৰে আমি অসমক আগুৱাই লৈ যাবলৈ সক্ষম হ’লো।

মুখ্যমন্ত্ৰীগৰাকীয়ে মাক্ৰফাইনেন্সৰ ঋণৰ পৰা মহিলাসকলক পৰিত্ৰাণ দিয়াৰ প্ৰসংগ উত্থাপন কৰি মন্ত্ৰী পীযুষ হাজাৰীকাই কয় যে, মুখ্যমন্ত্ৰীয়ে যেনেদৰে প্ৰতিশ্ৰুতি দিছিল তেনেদৰে চৰকাৰ গঠন কৰিয়েই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছিল। মাক্ৰফাইনেন্সৰ ঋণৰ পৰা মহিলাসকলক পৰিত্ৰাণ দিছিল।

মন্ত্ৰী হাজৰীকাই সভাত অসমত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে এতিয়ালৈ ১৮ খন মেডিলক কলেজ নিৰ্মাণ কৰা বুলি উল্লেখ কৰে। তেওঁ কয় যে, আমি অসমত অৰুণোদয় দিছো, উন্নয়নতো স্থৱিৰ হোৱা নাই, আমি মাক্ৰফাইনেন্সৰ ঋণ মাৰিছো, উন্নয়নতো স্থৱিৰ হোৱা নাই। আজিৰ সময়ত প্ৰতি বছৰে আমি এটা সমষ্টিত প্ৰায় ৫০ কোটি টকা অকল ৰাস্তা আৰু দলং বনাবৰ বাবে দিওঁ। আগতে অসম চৰকাৰে কেতিয়াও ৰে’লৱে অভাৰ ব্ৰীজৰ কাম কৰা নাছিল। এতিয়া অসম চৰকাৰে ৰে’লৱে অভাৰ ব্ৰীজৰ কাম কৰা হ’ল। আগতে অসম চৰকাৰে কেতিয়াও ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বনোৱা নাছিল, এতিয়া উত্তৰ গুৱাহাটী আৰু ফাঁচী বজাৰৰ মাজত দলং নিৰ্মাণ কৰি থকা হৈছে।

সভাত মন্ত্ৰীগৰাকীয়ে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে কৃষকসকলৰ লাভালাভৰ বাবে প্ৰদান কৰা কল্যাণমূলক আঁচনি, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান কাৰ্ড, বিনামূলীয়া চাউল আদিৰ বিষয়েও বক্তব্য দাঙি ধৰে। আজি মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰথমে ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ হিন্দী হাইস্কুল খেলপথাৰলৈ এক পদযাত্ৰাত অংশগ্ৰহণ কৰে।

পদযাত্ৰাৰে মন্ত্ৰীগৰাকী হিন্দী হাইস্কুল খেলপথাৰত উপস্থিত হয় আৰু তাত এক যোগদান সমাৰোহৰ লগতে কাৰ্যকৰ্তা সন্মিলন সম্বোধন কৰে। ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ আৰু মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ বিভিন্ন দল-সংগঠনৰ ১৫০০ গৰাকীৰ অধিক ব্যক্তিয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে।

মন্ত্ৰীগৰাকীয়ে তেখেতসকলক উষ্ম আদৰণি জনাই আগন্তুক সময়ত দলৰ নীতি-আদৰ্শৰ প্ৰতি আস্থা ৰাখি সমাজৰ হকে উন্নয়নমূলক কাম কৰি যাবলৈ আহ্বান জনায়। তদুপৰি আজি হৈ যোৱা এই অনুষ্ঠানতে দলীয় কাৰ্যকৰ্তাসকলৰ সৈতেও মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে।

এই অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সন্মানীয় সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু, সন্মানীয় সাংসদ দিলীপ শইকীয়া, উত্তৰ কামৰূপ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি সুবল পাল, নৰ্থ কামৰূপ জিলাৰ প্ৰভাৰী দিলীপ দাস, ৰঙিয়া পৌৰসভা বৰ্ডৰ অধ্যক্ষ অমৰেন্দ্ৰ লহকৰ, ৰঙিয়া টাউন মণ্ডলৰ সভাপতি নৱজিৎ ডেকা, বৰলীয়া ব্লক মণ্ডলৰ সভাপতি দ্বীপেন শইকীয়া, পূব পাৰ মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি মানৱেন্দ্ৰ কলিতা, ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী জিলাৰ সভাপতি মৃগাংক তালুকদাৰ, আন আন দলীয় বিষয়ববীয়াসকল আৰু কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

ৰঙিয়াত বিজেপিৰ বিশাল যোগদান সভাত মন্ত্ৰী পীযুষ হাজৰীকাৰ অংশগ্ৰহণ...
সদৌ অসম ছাত্ৰ সন্থাৰ দুই নেতাক ধেমাজিত উষ্ম আদৰণি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in