/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/09386457-caa4-4af7-903b-cb2e0d8264dd/piyush.jpg)
নগাঁৱৰ তিনিখনকৈ নিচামুক্তি কেন্দ্ৰত চাডেন ভিজিত মন্ত্ৰী পীযুষ হাজৰিকাৰ...
ডিজিটেল ডেস্ক: নগাঁৱৰ তিনিটাকৈ নিচামুক্তি কেন্দ্ৰত হঠাৎ উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা। অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আকস্মিকভাৱে নিচামুক্তি কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি কেন্দ্ৰৰ আৱাসীৰ বাবে থকা সুযোগ সুবিধাসমূহৰ বুজ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/fdf83c6e-3785-4e08-a03c-f8ab3a158c9c/WhatsApp_Image_2023_01_09_at_6_01_03_PM__1_.jpeg)
প্ৰথমতে মন্ত্ৰীগৰাকীয়ে শ্ৰীমন্ত শংকৰ মিছনৰ দ্বাৰা পৰিচালিত "মাদকদ্ৰব্য প্ৰতিৰোধ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ"ত উপস্থিত হৈ কেন্দ্ৰটোৰ সামগ্ৰীক পৰিস্থিতিৰ বুজ লয়। ইয়াৰ পৰা মন্ত্ৰীগৰাকীয়ে পোনে পোনে গৈ Willing-Way Wellness Societyৰ দ্বাৰা পৰিচালিত এটা নিচামুক্তি কেন্দ্ৰত উপস্থিত হয়। নিচামুক্তি কেন্দ্ৰটো পৰিদৰ্শনৰ সময়ত আৱাসীৰ বাবে সুবিধাৰ অভাৱ দেখি মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোৰ স্বত্বাধিকাৰীক কঠোৰ সকীয়নীৰে আগন্তুক ১৫ দিনৰ ভিতৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/cbda581e-d65d-4717-b33d-621db89498d3/WhatsApp_Image_2023_01_09_at_6_01_04_PM__1_.jpeg)
ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে 'Lifeline Rehabilitation Centre' নামৰ এটা নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শন কৰি কেন্দ্ৰটোৰ আৱাসী সকলেৰে মত বিনিময় কৰে । এই কেন্দ্ৰ পৰিদৰ্শনৰ সময়তে এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে বিগত দীৰ্ঘ সময় ধৰি নিচাৰ পৰা মুক্তি পোৱাৰ পাছতো আত্মীয়ৰ সদিচ্ছাৰ অভাৱত প্ৰায় এবছৰ ধৰি ঘৰলৈ ঘূৰি যোৱাৰ সুযোগ লাভ কৰা নাই বুলি জানিব পাৰি মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি মানুহজনক সহায় কৰিবলৈ নিৰ্দেশ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/de94d901-f9b4-41b3-b451-f85ba8d07fc3/WhatsApp_Image_2023_01_09_at_6_01_05_PM__1_.jpeg)
আনহাতে, একমাত্ৰ টকা লাভ কৰি থকাৰ স্বাৰ্থতে যাতে নিচাৰ আসক্তিৰ পৰা মুক্তি লাভ কৰা ব্যক্তিক নিচামুক্তি কেন্দ্ৰত নাৰাখে তাৰ বাবেও মন্ত্ৰী পীযুষ হাজৰিকাই কেন্দ্ৰটোৰ স্বতাধিকাৰী গৰাকীক কঠোৰ নিৰ্দেশনা প্ৰদান কৰে। এই ক্ষেত্ৰত নিচামুক্তি কেন্দ্ৰসমূহৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ জিলা উপায়ুক্তক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/b039ac25-5970-4b8b-ab4b-03868b98edea/141bc3c5_90bd_40aa_8d02_95bcea2fd5c0.jpg)
শেষত মন্ত্ৰীগৰাকীয়ে সমীপৱৰ্তী এটা বৃদ্ধাশ্ৰম আৰু সমাজ কল্যাণ বিভাগৰ অধীনত থকা এটা শিশু গৃহও পৰিদৰ্শন কৰি আৱাসী সকলেৰে বাৰ্তালাপ কৰে।
আৰু পঢ়ক: কুলদ্বীপ দাসগুপ্তৰ আত্মহত্যাৰ নতুন মোৰ! ব্লেকমেইলৰ বলি হৈছিল আৰু...