কুলদ্বীপ দাসগুপ্তৰ আত্মহত্যাৰ নতুন মোৰ! ব্লেকমেইলৰ বলি হৈছিল আৰু...

কাছাৰৰ SBI কাবুগঞ্জ শাখাৰ মেনেজাৰ কুলদীপ দাস গুপ্তৰ আত্মহত্যাৰ নতুন মোৰ ৷

author-image
Asomiya Pratidin
New Update
কুলদ্বীপ দাসগুপ্তৰ আত্মহত্যাৰ নতুন মোৰ! ব্লেকমেইলৰ বলি হৈছিল আৰু...

ডিজিটেল সংবাদ, শিলচৰ: কাছাৰৰ SBI কাবুগঞ্জ শাখাৰ মেনেজাৰ কুলদীপ দাস গুপ্তৰ আত্মহত্যাৰ নতুন মোৰ ৷ শনিবাৰে পুৱা বেংকৰ ভিতৰত মেনেজাৰ জনে আত্মহত্যা কৰাৰ পিছত কেইবাটাও তথ্য পোহৰলৈ আহে৷

Advertisment

অভিযোগ অনুসৰি কেইবাদিন ধৰি বেংকটোত অডিট কৰি অহা গুৱহাটীৰ যোগেন্দ্ৰ পাণ্ডে আৰু  SBI কাবুগঞ্জ ব্ৰাঞ্চত কৰ্মৰত চতুৰ্থ শ্ৰেনীৰ কৰ্মচাৰী শিবু নাথে  ব্ৰাঞ্চ মেনেজাৰ কুলদীপ দাস গুপ্তক ব্লেকমেইলিং কৰি আহিছিল। এই অভিযোগ উত্থাপন কৰিছে কুলদীপৰ পৰিয়ালে।

ইয়াৰ পাছতেই সোমবাৰে শিলচৰত আটক কৰে যোগেন্দ্র পাণ্ডেক৷দেওবাৰে নিশা শিলচৰ ৰেল ষ্টেচনৰ পৰা সোণাই আৰক্ষীয়ে আটক কৰে পাণ্ডেক৷

 বৰ্তমান ঘটনা সন্দৰ্ভত মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।কুলদীপ দাসগুপ্তৰ মাতৃৰ এজেহাৰৰ ভিত্তিত যোগেন্দ্ৰ পাণ্ডেক আটক কৰিছে সোনাই আৰক্ষীয়ে৷

কুলদীপৰ মোবাইল ফোন পৰীক্ষা কৰি পৰিয়ালে যোগেন্দ্ৰ পাণ্ডেই হাৰাশাস্তি কৰা বহু তথ্য বাহিৰ কৰিছে। মোবাইলত পোৱা অনুসৰি গুৱাহাটীত অনুষ্ঠিত হ’ব লগা ক্রিকেট মেচৰ বাবে ৫ হাজাৰ টকাৰ টিকট কুলদীপৰ একাউন্টৰ পৰা কাটিছিল পাণ্ডে।কুলদীপৰ পৰা আইফোনো অৰ্ডাৰ কৰিছিল পাণ্ডে।

 কুলদীপৰ  একাউন্টৰ পৰা  নিজৰ আৰু  পৰিয়ালৰ বাবে ব্যয়বহুল কিছু ঔষধ অর্ডাৰ কৰিছিল যোগেন্দ্র পাণ্ডেই৷ যাৰ মুল্য সাত হাজাৰ টকা বুলি অভিযোগ পৰিয়ালৰ৷

কুলদীপৰ মোবাইল ফোন পৰীক্ষা কৰাৰ পিচতে আৰক্ষীয়ে আটক কৰে যোগেন্দ্ৰ পাণ্ডেক৷  জেৰাৰ পাছত  যি কোনো মুহুৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে যোগেন্দ্ৰ পাণ্ডে৷

  আনহাতে, বেংকৰ চতুৰ্থ শ্ৰেনীৰ কৰ্মী শিবু নাথৰ দুৰ্নীতি বন্ধ কৰাৰ প্ৰতিশোধ ল’বলৈ বেংকৰ গুৰুত্বপূৰ্ণ কেইবাটাও ফাইল নোহোৱা কৰি কুলদীপক ব্লেকমেইলিং কৰাৰ অভিযোগ কুলদীপৰ পৰিয়ালৰ ৷

আৰু পঢ়ক: স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ অৰুণ পল চৌধুৰী আৰু নাই...

assam Silchar