/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/40a346f3-be73-465c-8667-082bbf6bcfc4/340.jpg)
ডিজিটেল ডেস্ক : জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই শনিবাৰে জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত বিভাগৰ উচ্চপদস্থ বিষয়া আৰু কামৰূপ (মহানগৰ) জিলাৰ প্ৰশাসনীয় বিষয়াৰ উপস্থিতিত দীপৰ বিল সংক্ৰান্তীয় এখন বিশেষ পৰ্যালোচনা বৈঠকত অংশ লয় । বৈঠকত গুৱাহাটীৰ পাৰিপাৰ্শ্বিক পৰিবেশ বৰ্তাই ৰখাৰ অন্যতম উৎস দীপৰ বিলক সুৰক্ষিত কৰিবৰ বাবে মুখ্যমন্ত্ৰী বদ্ধপৰিকৰ বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/441b53b1-c1cc-4383-ab1a-7a1130717d61/c50ed5b2_e3ca_4d61_8750_1d4f910a8019.jpg)
এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে উপস্থিত বিষয়াসকলক দীপৰ বিলৰ চাৰিওকাষে মথাউৰি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় প্ৰাথমিক অধ্যয়ন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। উল্লেখ্য যে বিলখনৰ ঐতিহ্য, সৌন্দৰ্য তথা ইয়াৰ স্বকীয়তাক ৰক্ষা কৰি দীপৰ বিলক কেন্দ্ৰ কৰি এক পৰ্যটন ক্ষেত্ৰ গঢ়ি তোলাৰ বাবে সৌন্দৰ্য্যবৰ্ধন কৰাৰ লগতে চাৰিওকাষে মথাউৰি নিৰ্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰে চিন্তা কৰি আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/caa50afd-13a1-4d98-aeca-08143f7b5bc2/8c5cea68_edc2_43a0_81d8_73abe280936b.jpg)
বিলখনৰ চাৰিওফালে পদ পথ,চাইকেল ট্ৰেক আদিৰ লগতে বিলখন সুন্দৰকৈ সজাই তাত নাও চলোৱা আদি সুবিধা কৰাৰ বিষয়েও চিন্তা কৰি থকা হৈছে বুলি বৈঠকত উল্লেখ কৰে। পৰ্যালোচনা বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকাই বিভাগীয় অভিযন্তাক জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে যুটীয়াভাৱে বিলৰ চাৰিওদিশে কৰিবলগা নিৰ্মাণকাৰ্যৰ ভূমিৰ কামসমূহৰ বাবে তাৎক্ষণিকভাৱে প্ৰয়োজনীয় অধ্যয়ন কৰিবলৈ নিৰ্দেশ দিয়ে।
পৰ্যায়ক্ৰমে দীপৰ বিলৰ চাৰিওদিশে মাটিৰ কামসমূহ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। এই বৈঠকতে মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ চলি থকা কাম সমূহৰো অগ্ৰগতিৰ বুজ লয় । আজিৰ বৈঠকত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এচ. আব্বাচী, বিভাগীয় মুখ্য অভিযন্তা আৰু আন বিষয়াসকল উপস্থিত থাকে।