ৰমেশ চন্দ্ৰ হাজৰিকাৰ গল্প সংকলন "দাপোণ" উন্মোচন

ৰমেশ চন্দ্ৰ হাজৰিকাৰ গল্প সংকলন "দাপোণ" উন্মোচন

ডিজিটেল সংবাদ,বঢ়মপুৰ : নগাঁৱৰ বঢ়মপুৰ শাখা সাহিত্য সভাৰ উদ‍্যোগত শনিবাৰে বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ত এখন গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়। বঢ়মপুৰ শাখা সাহিত্য সভাৰ সভাপতি প্ৰদীপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অৱসৰপ্ৰাপ্ত শিক্ষক, লেখক ৰমেশ চন্দ্ৰ হাজৰিকাৰ প্ৰথমখন গল্প সংকলন "দাপোণ" উন্মোচন কৰা হয়।

গ্ৰন্থখনি উন্মোচন কৰে শাখাটোৰ প্ৰাক্তন সভানেত্ৰী তথা বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গুণ বৰাই। সভাত নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেবত কুমাৰ হাজৰিকা, সহঃ সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকা, অৱসৰপ্ৰাপ্ত শিক্ষক দয়াৰাম কলিতা, কবি পংকজ কুমাৰ নাথ, বঢ়মপুৰ শাখা সাহিত্য সভাৰ উপদেষ্টা ডাঃ লম্বোদৰ হাজৰিকা , সমাজসেৱী মাধন শইকীয়াকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰোপৰি দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীসকলে সমবেত সংগীত পৰিবেশন কৰে।

ৰমেশ চন্দ্ৰ হাজৰিকাৰ গল্প সংকলন "দাপোণ" উন্মোচন
লখিমপুৰৰ হোটেল মালিনীত ই ডিৰ অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in