/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/fcdc957f-7352-4be1-a038-3db404e595e4/105.jpg)
ডিজিটেল ডেস্ক : ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ। আকৰ্ষণীয় হৈ উঠিছে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান। সমান্তৰালকৈ বিজেপিৰ প্ৰাৰ্থীৰ হৈ জোৰদাৰ প্ৰচাৰত নামিছে ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পিযূষ হাজৰিকা।
১৯এপ্ৰিলত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব। তাকে লৈ ব্যস্ততাৰ অন্ত নাই মন্ত্ৰী হাজৰিকাৰ। ভাৰতীয় জনতা পাৰ্টিক সবল নেতৃত্ব দিবলৈ যোৰহাটৰ পৰা আৰম্ভ কৰিছে প্ৰচাৰ অভিযান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/df5864b7-03fa-4917-81a3-03519876c6fa/432050039_941105144137248_2877521013125348126_n.jpg)
যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ বজ্ৰকণ্ঠে প্ৰচাৰ চলাই মন্ত্ৰী হাজৰিকাই। বিজেপিৰ ৰাজ্যিক উপ-সভাপতি ৰাণা গোস্বামীৰ নেতৃত্বত ১৭ মাৰ্চত যোৰহাটত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিকভাৱে ২হাজাৰৰো অধিক লোকে বিজেপিত যোগদান কৰে। ইপিনে উক্ত দিনাই মৰিয়নি বিধানসভা সমষ্টিৰ প্ৰায় ৫০০ গৰাকী বিভিন্ন দলৰ নেতা-কৰ্মী আৰু ব্যক্তিয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/30fce465-7313-45af-b356-971813cd4deb/432773470_941104927470603_628964532106463918_n.jpg)
উক্ত অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী পীযূষ হাজৰিকাই সদম্ভে ঘোষণা কৰে 'অব কি বাৰ ৪০০ পাৰ'। কেৱল ইমানেই নহয় নিৰ্বাচনী প্ৰচাৰৰ মাজতে মৰিয়নী বিধানসভা সমষ্টিৰ নামচেচুৰ বিজেপি দলৰ অন্যতম জ্যেষ্ঠ কাৰ্যকৰ্তা সূৰ্য্য কুৰ্মী আৰু তেওঁৰ পৰিয়ালক বাসগৃহত গৈ সাক্ষাতো কৰে মন্ত্ৰীগৰাকীয়ে।
নিৰ্বাচনী প্ৰচাৰেই নহয় অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰতো আগৰণুৱা পীযূষ হাজৰিকাই বিষ্ণুজ্যােতি সামাজিক সাংস্কৃতিক গোষ্ঠী চেলেংহাটৰ উদ্যােগত আৰু সমূহ চেলংহাট আৰু টীয়কবাসী ৰাইজৰ সহযোহত চেলেংহাটত আয়োজিত "সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা-২০২৪"ত ভক্তপ্ৰাণ ৰাইজৰ সৈতে উপস্থিত থাকে। চাওঁতাল সমাজৰ উলাহৰ-পৱিত্ৰ "বাহা পৰৱ" উৎসৱত চেলংহাট আঞ্চলিক চাওঁতাল উন্নয়ন সন্থাৰ উদ্যােগত আয়োজিত অনুষ্ঠানতো উপস্থিত থাকি চাওতালসকলক সন্মান প্ৰদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/455f93fb-e425-4407-bd0f-9bdfb04f2cda/432767441_941105034137259_2148057373529517602_n.jpg)
যোৰহাটৰ পৰা নিৰ্বাচনী প্ৰচাৰ সমাপ্ত কৰি মন্ত্ৰীগৰাকী শিৱসাগৰলৈ যাত্ৰা কৰে। যাত্ৰাৰ সময়চোৱাত যোৰহাটৰ মেলেং মেটেলি গাঁৱত অনুষ্ঠিত একশৰণ ভাগৱতী সমাজ অসমৰ যোৰহাট জিলা শাখাৰ ৪৪ সংখ্যক বাৰ্ষিক পালনাম কাৰ্যসূচীত সেৱা আগবঢ়ায়।
তাৰপাছতে ডিমৌৰ পাৰিজাত ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বৃহৎ যোগদান কাৰ্যসূচী। যোগদান কাৰ্যসূচীত ব্লক কংগ্ৰেছৰ কাৰ্যবাহী সভাপতি আদিকে ধৰি প্ৰায় ৭০ গৰাকীৰো অধিক ব্যক্তিয়ে বিজেপি দলত যোগদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/abd25332-1f5c-4004-ad2c-16d6a1565524/432058545_941057077475388_2089104813164312938_n.jpg)
মন্ত্ৰী হাজৰিকাৰ বলিষ্ঠ তথা স্পষ্ট ভাষণেও আপ্লুত কৰে উপস্থিত ৰাইজক। তেওঁ ভাষণত কয়- আমাৰ লক্ষ্য কেৱল ৪০০ পাৰ কৰাই নহয়, আমাৰ লক্ষ্য ৰাইজৰ উন্নতি তথা ৰাজ্যৰ উন্নতি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/c58bd8f3-d86f-4147-a648-a413c9fdf392/432052788_941036204144142_5765249794872468890_n.jpg)
নিৰ্বাচনী প্ৰচাৰৰ মাজতে শিৱসাগৰ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ নতুন কাৰ্যালয়ো মুকলি কৰে তেওঁ। ইপিনে চৰাইদেউ জিলা বিজেপি কার্যালয়ৰ বাকৰিতো তিনিশৰো অধিক ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ।
ইয়াৰোপৰি ভাৰতীয় জনতা পাৰ্টিৰ দ্বাৰা আয়োজিত বিশাল বাইক ৰেলীত প্ৰায় ৮০০ৰো অধিক লোকে বাইক ৰেলীত অংশগ্ৰহণ কৰে। সমান্তৰালকৈ বৰাক উপত্যকাতো বাজিছে নিৰ্বাচনী ৰণডংকা। ভাৰতীয় জনতা পাৰ্টি,উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে চলাই লোকসভা নিৰ্বাচনৰ প্ৰচাৰ।
দলৰ পৰিকল্পনা, নিৰ্বাচনী ৰণকৌশল তথা সামগ্ৰিক প্ৰস্তুতি সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে। আগন্তুক লোকসভা নিৰ্বাচনৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ কৰিমগঞ্জ লোকসভাৰ প্ৰাৰ্থী কৃপানাথ মাল্লাহৰ হৈ কৰিমগঞ্জৰ গিৰিশগঞ্জত চলাই প্ৰচাৰ। উপস্থিত সকলোকে দেশৰ হকে, বিকাশ আৰু উন্নয়নৰ হকে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ভোটদান কৰিবলৈ আহ্বান জনায় মন্ত্ৰী হাজৰিকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/019dc0ae-1061-4416-8aa5-6c69e7b03d62/432785277_941056847475411_4664299244431642491_n.jpg)
হাইলাকান্দি জিলাতো লোকসভা নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি চলিছে। হাইলাকান্দি টাউন হলত আয়োজিত যোগদান কাৰ্যসূচীত আনুষ্ঠানিকভাৱে প্ৰায় ৫০০ গৰাকী ন-কাৰ্যকৰ্তাই যোগদান কৰে। সকলোকে উষ্ম আদৰণি জনাই মন্ত্ৰীগৰাকীয়ে।
'আকৌ এবাৰ মোদী চৰকাৰ' ধ্বনিৰে হাইলাকান্দি জিলা বিজেপিৰ উদ্যােগত লালাত আয়োজিত এখনি নিৰ্বাচনী জনসভা সম্বোধন কৰে মন্ত্ৰী হাজৰিকাই। বৰাক উপত্যকাত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ মাজতে কেবাগৰাকীও জ্যেষ্ঠ দলীয় সতীৰ্থৰ সৈতে কাটিগড়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বিজেপি দলৰ জ্যেষ্ঠ নেতা অমৰ চান্দ জৈনৰ বাসগৃহত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে মন্ত্ৰী হাজৰিকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/f67abfe6-8a6d-402c-9050-afa635f2c1c0/432173164_940973070817122_4995818970537515366_n.jpg)
ইয়াৰোপৰি জনগণৰ বিপুল উচাহ-আগ্ৰহৰ মাজেৰে কাটিগড়া সমষ্টিৰ সৈদপুৰ আমতলা মাঠত অনুষ্ঠিত নিৰ্বাচনী জনসভাতো মন্ত্ৰীগৰাকী উপস্থিত থাকে। বিজেপি দলৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যক বিপুল ভোটেৰে জয়ী কৰিবলৈ আহ্বান জনায়। এই সভাতেই প্ৰায় ২০০ গৰাকী বিভিন্ন দলৰ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/fa5b6719-c419-4119-97ec-740255da0cbf/432116860_941036114144151_7657152700665359441_n.jpg)
সমান্তৰালকৈ কাটিগড়া সমষ্টিৰ কুশিয়াৰকুলত অনুষ্ঠিত নিৰ্বাচনী জনসভা সম্বোধন কৰাৰ লগতে শিলচৰ লোকসভা সমষ্টিৰ অন্তৰ্গত কালাইন মণ্ডলৰ বিহাড়া বজাৰত ৰাইজৰ ব্যাপক উচাহ-উদ্দীপনাৰ মাজত এখনি বিশাল নিৰ্বাচনী জনসভা সম্বোধন কৰে মন্ত্ৰী হাজৰিকাই। এনেদৰে দিন ৰাতি একাকাৰ কৰি দলৰ স্বাৰ্থত ৰাজ্যবাসীৰ স্বাৰ্থত লোকসভা নিৰ্বাচনৰ জোৰদাৰ প্ৰচাৰত মন্ত্ৰী হাজৰিকা ব্যস্ত হৈ পৰা পৰিলক্ষিত হয়।
Also Read: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ...