/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/b969024a-db9a-4638-a380-22d50aff341e/KESHAB_DA.jpg)
ডিজিটেল সংবাদ,চৰাইদেউঃ ৬০০ বছৰীয়া আহোম শাসন কালৰ গৌৰৱোজ্জ্বল স্বাক্ষৰ ঐতিহাসিক সমলেৰে ভৰপূৰ চৰাইদেউ মৈদাম। চৰাইদেউ মৈদাম ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ চূড়ান্ত তালিকাত সন্নিবিষ্ট হ'বলৈ মাত্ৰ এখোজ বাকী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/1d9d8d56-37ec-432c-be8d-777befb15af7/FxYQrKzWAAEw04A.jpg)
অহা চেপ্তেম্বৰ মাহত ইউনেস্ক'ৰ এটি সজাতি দলে চৰাইদেউ ভ্ৰমণ কৰাৰ পিছত এয়া স্পষ্ট হৈ পৰিব। এনে এক পৰিবেশৰ মাজতে মঙলবাৰে আকস্মিকভাৱে ঐতিহাসিক মৈদামক্ষেত্ৰত উপস্থিত হয় অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/f9bd36d0-d3ec-42c1-94c5-3f5a3d7643b3/FxYQraXX0AAG9DF.jpg)
উল্লেখযোগ্য যে,পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত অসম চৰকাৰে ৰাজ্যিক প্ৰত্নতত্ব সঞ্চালকালয়ৰ উদ্যোগত চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্বৰ এক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ লগতে ইয়াক বিশ্ব ঐতিহ্যথলী হিচাপে ইউনেস্কৰ দ্বাৰা চিহ্নিত কৰিবলৈ ২০১৯-২০ বৰ্ষত ২৫ কোটি টকা আৱণ্টন দিছিল। তদানীন্তন বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সহযোগত বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ উদ্যোগত বিভাগটোৱে আৱণ্টন পোৱা এই ধন ৰাশিৰে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ কাম আৰম্ভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/e23d83ed-ba00-4a79-a612-564895c38b2f/FxYQsHzWwAIdcPe.jpg)
ইয়াৰ প্ৰধান কাৰণ আছিল চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্যথলী হিচাপে চিহ্নিত হ'বলৈ হলে মৈদাম এলেকাত উপযুক্ত আন্তঃগাঁথনি থকাটো অতিকৈ দৰকাৰ। সেয়ে তদানীন্তন বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত ২০২১ বৰ্ষৰ ৪ জানুৱাৰীত ড° হিমন্ত বিশ্ব শৰ্মাই মৈদাম প্ৰাংগণত আন্তঃগাথনি উন্নয়নৰ বাবে এলানি নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰিছিল।
তাৰ পাছতে অসম চৰকাৰে নিয়োগ কৰা বিখ্যাত প্ৰত্নতত্ত্ববিদ কিষাণ চান্দ নাৰিয়ালৰ তত্বাৱধানত চৰাইদেউ মৈদাম ক্ষেত্ৰত গৱেষণা,আন্তঃগাঁথনি উন্নয়নৰ কাম আৰম্ভ হয়। অসম চৰকাৰে ঐতিহাসিক চৰাইদেউৰ আন্ত:গাথনি উন্নয়নৰ বাবে আৱণ্টন দিয়া ধনৰাশিৰে ইতিহাস প্ৰসিদ্ধ চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দৰকাৰ তেনে ব্যৱস্থা ৰূপায়ণ কৰাৰ যাৱতীয় কামকাজ মৈদাম ক্ষেত্ৰত আৰম্ভ হয়।
পৰৱৰ্তী সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগৰ বাবে ভাৰত চৰকাৰে একমাত্ৰ মনোনয়ন হিচাপে চৰাইদেউ মৈদামক্ষেত্ৰৰ নাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰিবলৈ ইউনেস্কলৈ মনোনয়ন পঠোৱা আৰু এয়া সংস্থাটোৱে গ্ৰহণ কৰাৰ পাছতে মৈদামক্ষেত্ৰত পূৰ্ণ গতিত আন্তঃগাথনি উন্নয়নৰ কাম সম্পাদন হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/931f6ced-165f-46b3-94b0-60f905f08c40/8d41bf4b_013d_4ead_9cc8_88aa9539e05e.jpg)
মঙলবাৰে দিনৰ ভাগত মৈদামক্ষেত্ৰত উপস্থিত হোৱা মন্ত্ৰী কেশৱ মহন্তই এই কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। ইয়াৰোপৰি পুৰাতত্ব বিভাগক ইউনেস্ক'ৰ চূড়ান্ত তালিকাত চৰাইদেউৰ নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো দিশ পূৰণ কৰাৰ বাবে বিভাগীয় লোকক তেওঁৰ ভ্ৰমণকালত আহ্বান জনায় ৷
আজি মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শন কালত তেওঁৰ সৈতে উপস্থিত থাকে মন্ত্ৰী যোগেন মহন, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ,জিলা উপায়ুক্ত নিবেদন দাস পাটোৱাৰী, শিৱসাগৰ জিলাৰ উপায়ুক্ত বিক্ৰম আদিত্য যাদৱ, পুৰাতত্ত্ব বিভাগৰ সঞ্চালিকা ড° দীপিৰেখা কুলি ,সাংস্কৃতিক বিশেষজ্ঞ ড° কে চি নৰিয়ালৰ লগতে বিভাগীয় বিষয়াসকল।
Also Read: কুমাৰীকাটাত জব্দ অবৈধ কাঠফলা মিল