কুমাৰীকাটাত জব্দ অবৈধ কাঠফলা মিল

কুমাৰীকাটাত জব্দ অবৈধ কাঠফলা মিল

author-image
Asomiya Pratidin
New Update
কুমাৰীকাটাত জব্দ অবৈধ কাঠফলা মিল

ডিজিটেল সংবাদ,তামুলপুৰঃ তামুলপুৰ মহকুমাৰ কুমাৰীকাটা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ ১ নং কাউলীত মঙলবাৰে বন বিভাগে জব্দ কৰে এটা অবৈধ কাঠফলা মিল। বিগত কিছুদিন ধৰি অঞ্চলটোত অবৈধ কাঠফলা মিলটোৰ জৰিয়তে একাংশ চোৰাং ব্যৱসায়ীয়ে সেউজ পৰিৱেশ ধ্বংস কৰি চলাই গৈছিল এক ৰমৰমীয়া অবৈধ বেহা।

Advertisment

মঙলবাৰে কুমাৰীকাটা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বন বিষয়া বীৰেন্দ্ৰ কুমাৰ বড়োৰ নেতৃত্বত এটা সজাতি দল আৰু ২৪ বাহিনী এছ এছ বিৰ সহযোগত উক্ত স্থানত উপস্থিত হৈ কাঠফলা মিলটো জব্দ কৰি কুমাৰীকাটা আঞ্চলিক বন বিষয়া কাৰ্যালয়লৈ লৈ আনে। আনহাতে অভিযানত কেইবাটাও মূল্যবান গছৰ কুণ্ডাও জব্দ কৰে বন বিভাগৰ দলটোৱে।

জব্দকৃত মিল আৰু গছৰ কুণ্ডাৰ মূল্য প্ৰায় লক্ষাধিক টকাৰো অধিক বুলি জানিব পৰা গৈছে। উল্লেখ যে, ইয়াৰ পূৰ্বেও কুমাৰীকাটা বন বিভাগৰ দলে বহু গাঁৱৰ পৰা অবৈধ মিল জব্দ কৰিছিল।

কিন্ত অতি কৌশলেৰে একাংশ লোকে পুনৰ অবৈধ কাঠফলা মিল চলোৱা আৰম্ভ কৰাত পুনৰ সষ্টম হৈ পৰিছে বন বিভাগৰ দলটো। কুমাৰীকাটা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বন বিষয়া বীৰেন্দ্ৰ কুমাৰ বড়োই জানিবলৈ দিয়ে মতে, প্ৰশাসন কিম্বা বন বিভাগৰ চকুত ধূলি দিব বিচৰা এনে লোকৰ বিৰুদ্ধে অনাগত দিনতো অব্যাহত থাকিব কঠোৰ অভিযান।

Also Read: শোণিতপুৰত অকাল মৃত্যু মায়ং থানাৰ উপ- পৰিদৰ্শক দ্বিজেন্দ্ৰ বৰাৰ

assam forest department tamulpur