/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/040dd0f5-bfd8-45d1-9716-1003a9f48b94/KESHAB.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰ : কলিয়াবৰ মহাবিদ্যালয়ত শুক্ৰবাৰে উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষভাৱে সফলতাপ্ৰাপ্তিক কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই অভিনন্দন জ্ঞাপন কৰে । ২০০৬ চনৰ পৰা কলিয়াবৰ সমষ্টিৰ বিধায়ক হিচাপে কেশৱ মহন্তই প্ৰতিবছৰে কৃতিমানসকলক অভিনন্দন জ্ঞাপন কৰি আহিছে।
শুক্ৰবাৰে কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ উত্তম কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠানত কলিয়াবৰত এইবৰ্ষত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিশেষ সফলতা লাভ কৰা ৩০৬ গৰাকী কৃতিমান লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ সফলতা লাভ কৰা ১৯৫ গৰাকী আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত মহকুমাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা শিশু বিদ্যাপীঠ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অৰ্হণা বৰকটকী আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত মহকুমাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা কে জি আই চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দেৱজিত মহন্তক অভিনন্দন জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/f650d9dc-c3f4-4b19-8d6d-f9d328605d0e/3552a547_c279_4e65_96c0_28b98feab03a.jpg)
অনুষ্ঠানত অভিভাৱক- অভিভাৱকাসকলক মন্ত্ৰী কেশৱ মহন্তই কয় "আপোনালোকৰ একো একোজন সফল ছাত্ৰ-ছাত্ৰীয়ে ইয়াত যি শ্ৰম আৰু ত্যাগ স্বীকাৰ কৰিলে তাক শ্ৰদ্ধাৰে সুঁৱৰিছো। অনাগত দিনতো আপোনালোকৰ ছত্ৰছায়াত এইসকল কৃতি সন্তানে সফলতাৰ এই ধাৰা অব্যাহত ৰাখিব।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/3e3b9437-689e-4661-988e-6aa3f831c86b/f9706fdd_eb2f_4e45_9f03_743a2fd1327e.jpg)
আদৰণি ভাষণত তেওঁ কয় যে সকলো সমস্যাৰ মাজত সমাধানো নিহিত হৈ থাকে। মন্ত্ৰী গৰাকীয়ে লগতে কয়, কলিয়াবৰ অঞ্চলটো আগন্তুক দিনত নতুন নতুন শিক্ষানুষ্ঠানেৰে সমৃদ্ধ হ'ব। তেওঁ লগতে কলিয়াবৰত পশ্চিম কলিয়াবৰ নামেৰে আৰু এখন উন্নত মহাবিদ্যালয় স্থাপন হ'ব আৰু চৰকাৰী আইন মহাবিদ্যালয়ৰ লগতে এখন আই টি আই স্কুলো স্থাপন হ'ব বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/843ce6b7-bb23-4a73-88ea-efe2d49a1a3b/bc3524c5_a202_4587_b85b_0600d27dcd9a.jpg)
সমাজকৰ্মী মণি মাধৱ মহন্তই আতঁ ধৰা অনুষ্ঠানত ৰামানুজন চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ দিলীপ বৰাই বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি অভিনন্দনপ্ৰাপক ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি উদ্গনিমূলক বক্তব্য আগবঢ়াই কয় যে, কঠোৰ পৰিশ্ৰম, একাগ্ৰতা,ধৈৰ্য্য আৰু নিষ্ঠাৰে কাম কৰিলে সফলতা প্ৰাপ্তি হ'বই।
অনুষ্ঠানত ভাৰতীয় প্ৰশাসনিক সেৱাত পঞ্চম স্থানপ্ৰাপ্ত ডা: ময়ুৰ হাজৰিকাই সম্বৰ্ধনা গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যী কয় "তোমালোকে সপোন দেখিব লাগিব আৰু সেই সপোন বাস্তৱত পৰিণত কৰিবলৈ চেষ্টা কৰিব লাগিব।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/6549ae61-d7c6-44be-8b97-2eb9c4e0469b/34c1962f_4192_44c6_a847_99b0a0e78c01.jpg)
অভিনন্দন অনুষ্ঠানত কৃতিমানৰ লগতে কলিয়াবৰৰ বিদ্যালয়সমূহৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষককো সম্বৰ্ধনা জনায়। অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লিজা তালুকদাৰ,নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ,কলিয়াবৰ শাখা সাহিত্য সভা সভাপতি নবীন বৰঠাকুৰ, কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰভাত চন্দ্ৰ গোস্বামীকে প্ৰমুখ্য কৰি বহু গণ্য মান্য ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে।
Also Read: কলিয়াবৰত জীৱন বীমা নিগমৰ চেটেলাইট শাখা মুকলি