/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/30a99713-0b0d-4164-bb63-ec068bd90f6c/lic.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ ভাৰতীয় জীৱন বীমা নিগমৰ এটি চেটেলাইট শাখা শুক্ৰবাৰে কলিয়াবৰত মুকলি কৰা হয়। কলিয়াবৰৰ কুঁৱৰীটোলত শাখাটি মুকলি কৰে গুৱাহাটী সংমণ্ডলৰ জ্যেষ্ঠ মাণ্ডলিক পৰিচালক দীপক কুমাৰে।
শাখা মুকলি অনুষ্ঠানত গুৱাহাটী সংমণ্ডলৰ বাণিজ্যিক পৰিচালক নীলাদ্ৰী মজুমদাৰৰ লগতে নগাঁও শাখাৰ মুখ্য পৰিচালক, শাখা পৰিচালককে ধৰি ভাৰতীয় জীৱন বীমা নিগম বিষয়া বৰ্গ আৰু এজেণ্টসকল উপস্থিত থাকে। লগতে কলিয়াবৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধীৰেন্দ্ৰ কুমাৰ হাজৰিকা,নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক মৃণাল হাজৰিকা,কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অম্লান গোস্বামী, ব্যৱসায়ী-সমাজকৰ্মী ৰঞ্জিত বৰা,জগত মেধিকে ধৰি ভালেসংখ্যক লোক শাখা উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/ad475f3f-f92e-4e84-a16a-e2cf0ccf03a9/f4455590_bfe6_40a2_99e8_73cf87a506f1.jpg)
কলিয়াবৰত নতুনকৈ মুকলি হোৱা চেটেলাইট শাখাটিৰ জৰিয়তে এতিয়াৰে পৰা গ্ৰাহকসকলে পোনপটীয়াকৈ জীৱন বীমা নিগমৰ লগত সংযুক্ত হ'ব পাৰিব বুলি জ্যেষ্ঠ বিষয়াসকলে প্ৰকাশ কৰে।
Also Read: গনেশ মন্দিৰত চোৰৰ চাফাই অভিযান