'বহু চৰকাৰী বিদ্যালয়ত সোমালে ঋণাত্মক চিন্তাহে আহে'- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

'বহু চৰকাৰী বিদ্যালয়ত সোমালে ঋণাত্মক চিন্তাহে আহে'- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
'বহু চৰকাৰী বিদ্যালয়ত সোমালে ঋণাত্মক চিন্তাহে আহে'- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

ডিজিটেল ডেস্কঃ 'পূৰ্বে বিদ্যালয় পৰিদৰ্শক আহিব বুলি বিদ্যালয়ৰ প্ৰধান শিক্ষকেই নহয় গাঁৱৰ ৰাইজো ভয়ত কপি আছিল। এতিয়া বিদ্যালয়ৰ প্ৰধান শিক্ষকে বিদ্যালয় পৰিদৰ্শকক ভয় নকৰে ঘোচ দিয়ে।'- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। নগাওঁ জিলা আৰু হোজাই জিলাৰ মেধা শিক্ষাৰ্থীক আনন্দ ৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়।

নিজৰ ভাষণত তেওঁ বিদ্যালয়সমূহৰ পূৰ্বৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশৰ মাজত তুলনা কৰি কয়, এতিয়া মোৰ নিজা সমষ্টিতেই হওক বা আন সমষ্টিৰ বিদ্যালয়লৈ যাওঁ তেতিয়া দুখ লাগে। আমি যিবোৰ স্কুলত পঢ়িছিলো হয়তো বাঁহৰ ঘৰ আছিল কিন্তু সন্মুখত এখন ফুলনি আছিল। ৰাতিপুৱা সোনকালে বিদ্যালয়লৈ গৈ বন-জাৱৰ চাফা কৰা, ফুলনি চাফা কৰাবোৰ আমাৰ কৰ্তব্য আছিল। এতিয়া স্কুললৈ গলে সেইবোৰ পৰিৱেশ বাদ দিয়ক সন্মুখত ফুলনিৰ পৰিৱৰ্তে সন্মুখত এটা লেট্ৰিন বনাই থয়। পৰিৱেশ এনেকুৱা হয়গৈ যে বিদ্যালয়ত সোমালে ধনাত্মক চিন্তা মনলৈ নাহে, ঋণাত্মক চিন্তাহে আহে।'

অৱশ্যে তাৰ মাজতো আজিও বহু বিদ্যালয়ত তেনে বাগিছা আছে, সুন্দৰ ফুলনি কৰিছে আৰু সুন্দৰকৈ ল'ৰা, ছোৱালীৰ বিকাশৰ কাম কৰিছে বুলিও উল্লেখ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

ইয়াৰোপৰি তেওঁ কয়, পূৰ্বে এখন বিদ্যালয়লৈ বিদ্যালয় পদিৰ্শক আহিব বুলি বিদ্যালয়ৰ প্ৰধান শিক্ষক, গাঁৱৰ ৰাইজ ভয়ত কপি আছিল। এতিয়া প্ৰধান শিক্ষকে বিল পাছ কৰিবলৈ বিদ্যালয়ৰ পৰিদৰ্শকক ঘোচ দিয়ে। প্ৰধান শিক্ষকে্ কিয় বিদ্যালয় পৰিদৰ্শকলৈ ভয় কৰিব বুলিও তেওঁ প্ৰশ্ন কৰে।

এইদৰেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি বিদ্যালয়ৰ শিক্ষক তথা বিদ্যালয়সমূহৰ পৰিদৰ্শকক সমালোচনাৰ লক্ষ্য কৰি লয়।

'বহু চৰকাৰী বিদ্যালয়ত সোমালে ঋণাত্মক চিন্তাহে আহে'- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
নগাঁও-হোজাইৰ মেধাৱী শিক্ষাৰ্থীক প্ৰদান আনন্দ ৰাম বৰুৱা বঁটা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in