কংগ্ৰেছ দল পাম্প নোহোৱা ফুটবল...

ঘিলামৰাৰ নিৰ্বাচনী সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছ দল পাম্প নোহোৱা ফুটবল...

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ভাৰতীয় জাতীয় কংগ্ৰেছ দল এটা পাম্প নোহোৱা ফুটবল। ভূপেন বৰাই লঠিয়াই ,ইটোৱে লঠিয়াই সিটোৱে লঠিয়াই নলৰে হে নলৰে । বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছক উদ্দেশ্যি  এই তীৰ্যক  মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। শুক্ৰবাৰে বিয়লি ঢকুৱাখনা বিধানসভা সমষ্টিৰ ঘিলামৰাত গেৰুৱা দলৰ সাংসদ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এই মন্তব্য কৰে মন্ত্ৰী বৰুৱাই।

Advertisment

ঘিলামৰা ঘাহি গাঁও মুকলি মঞ্চত অনুষ্ঠিত জনাকীৰ্ণ প্ৰচাৰ সভাত হেলিকপ্টাৰ যোগে উপস্থিত হৈ মন্ত্ৰী বৰুৱাই কয় সমগ্ৰ ভাৰত বৰ্ষত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উন্নয়ন বিকাশৰ জোৱাৰ আহিছে। প্ৰতিগৰাকী ৰাইজে বিজেপি দল আৰু চৰকাৰক আদৰি লৈছে। আজি যলৈকে যোৱা গৈছে সকলোতে মোডীৰ জয়গান ,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জয় গান। মই এশ শতাংশই বিশ্বাসী লখিমপুৰ সংসদীয় সমষ্টিৰ মিত্ৰ জোঁটৰ  প্ৰাৰ্থী প্ৰদান বৰুৱাই অতি কমেও ৭ লাখ ভোটৰ ব্যৱধানত সমষ্টিটোৰ পৰা জয়ী হব। এই পৰিবেশ আজি দেখিছোঁ ।

ঘাহি গাঁও মুকলি মঞ্চত অনুষ্ঠিত প্ৰচাৰ সভাত গেৰুৱা দলৰ ৰাজ্যিক সদস্য বসন্ত শইকীয়া , বিধায়ক নব কুমাৰ দলে  আদিয়েও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জন কল্যানকামী আঁচনি সমূহৰ অবলোকন কৰি দলীয় প্ৰাৰ্থী বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বক্তব্য আগবঢ়াই। নিৰ্বাচনী সভালৈ বিধায়ক নব দলে , বসন্ত শইকীয়া আৰু  উৎসাহী দলীয় নেতা কৰ্মী সকলৰ লগতে বিহৱা বিহুৱতীৰ দলে আদৰি আনে বিপুল হৰ্ষ ধৱনিৰ মাজত। সভাত মন্ত্ৰী বৰুৱা আৰু দলীয় নেতৃত্বই গেৰুৱা দলটোৰ এটা নিৰ্বাচনী প্ৰচাৰ গীতৰ তালে তালে নৃত্য কৰি উল্লাসিত হৈ পৰা পৰিলক্ষিত হয়।

Also Read: গড়গাঁও মহাবিদ্যালয়ত ‘শঙ্কৰদেৱঃ সৃষ্টি আৰু দৰ্শন’ শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ...

কংগ্ৰেছ