গড়গাঁও মহাবিদ্যালয়ত ‘শঙ্কৰদেৱঃ সৃষ্টি আৰু দৰ্শন’ শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ...

গড়গাঁও মহাবিদ্যালয়ত ‘শঙ্কৰদেৱঃ সৃষ্টি আৰু দৰ্শন’ শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ...

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ত শংকৰদেৱ চৰ্চাক বিশেষ গতি প্ৰদান কৰি ‘শঙ্কৰদেৱঃ সৃষ্টি আৰু দৰ্শন’ শীৰ্ষক এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়৷ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় প্ৰচাৰ শাখা, ভোগবাৰী প্ৰাথমিক শাখা আৰু গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ভোগবাৰী প্ৰাথমিক শাখাৰ বৰ্ষজোৰা সোণালী জয়ন্তী উদযাপনৰ অংশ হিচাপে এই আলোচনা-চক্ৰ অনুষ্ঠিত হয়৷ আলোচনা-চক্ৰৰ প্ৰথম কাৰ্যসূচী উদ্বোধনী অনুষ্ঠানত পোনতে কস্তুৰী লাহনে পৰিৱেশন কৰা বৰগীতৰ পিছতে বন্তি প্ৰজ্বলন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্তই৷ প্ৰাক্তন পদাধিকাৰগৰাকীয়ে বন্তি প্ৰজ্বলন কৰি শঙ্কৰদেৱৰ আদৰ্শ সদাই আগুৱাই নিয়াৰ কামনা কৰে৷

আলোচনা-চক্ৰৰ আদৰণী ভাষণ আগবঢ়াই গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট কবি, নিবন্ধকাৰ ড° সব্যসাচী মহন্তই আলোচনা চক্ৰখনে অসমৰ সৰ্বশ্ৰেষ্ট যুগ পুৰুষজনৰ অভিনৱ জীৱন দৰ্শন, বিশাল সৃষ্টিৰাজিক পুনৰ আলোচনা কৰাৰ অৱকাশ দিলে বুলি মন্তব্য কৰে৷ তেওঁ লগতে শংকৰদেৱৰ ধৰ্ম, দৰ্শন, নতুন সমাজ গঢ়াৰ প্ৰাসংগিকতা দিনকদিনে অধিক বৃদ্ধি পাইছে বুলি দোহাৰে৷

আলোচনা চক্ৰৰ উদ্বোধনী ভাষণ আগবঢ়াই শ্ৰীমন্ত শঙ্কৰদেৱ সঙঘৰ ভোগবাৰী প্ৰাথমিক শাখাৰ সভাপতি যতীন লাহনে শঙ্কৰদেৱৰ সৃষ্টি আৰু দৰ্শনৰ মাজেৰে ধৰ্মৰ প্ৰকৃত সংজ্ঞা লাভ কৰি বুলি উল্লেখ কৰে৷ উদ্বোধনী অনুষ্ঠানত ইয়াৰ পিছতে আলোচনা চক্ৰৰ বীজ ভাষণ প্ৰদান কৰি শ্ৰীমন্ত শঙ্কৰদেৱৰ সঙ্ঘৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই শঙ্কৰদেৱে সুদৃঢ় আধ্যাত্মিক আদৰ্শৰে এখন উন্নত সমাজ গঢ়িছিল বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ শঙ্কৰদেৱৰ অধ্যয়নৰ বাবে আৰু শঙ্কৰদেৱক চিনি পাবলৈ এনেধৰণৰ আলোচনা-চক্ৰৰ প্ৰয়োজন আছে বুলি পদাধিকাৰ ডেকাই মন্তব্য কৰে৷ তেওঁ লগতে কয় যে শঙ্কৰদেৱৰ ধৰ্ম সত্যৰ ওপৰত প্ৰতিষ্ঠিত, যি চিৰশাশ্বত৷

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াও এই অনুষ্ঠানত উপস্থিত হৈ শঙ্কৰদেৱৰৰ জীৱন-দৰ্শনক জগত সভাত প্ৰতিষ্ঠা কৰাত সকলোৱে সুপৰিকল্পিতভাৱে কাম কৰাৰ পোষকতা কৰে৷ উদ্ধোধনী অনুষ্ঠানত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় প্ৰচাৰ শাখাৰ সভাপতি টংকেশ্বৰ বুঢ়াগোঁহাই, সম্পাদক বদন বৰা, গড়গাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ ৰীণা সন্দিকৈ, অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান প্ৰণৱ দুৱৰাকে প্ৰমুখ্য কৰি গড়গাঁও মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকল, শিক্ষাৰ্থীসকল , শঙ্কৰদেৱৰ সঙ্ঘৰ ভোগবাৰী শাখাকে ধৰি বিভিন্ন শাখাৰ বিষয়া-ববীয়া, সদস্যসকল উপস্থিত থাকে৷

অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক দেৱযানী বকলীয়াল আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ভোগবাৰী প্ৰাথমিক শাখাৰ বৰ্ষজোৰা সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি যতীন লাহনে আঁত ধৰা অনুষ্ঠানত ভাৱনা আৰন্ধৰাই চালি নৃত্য পৰিৱেশন কৰি উপস্থিত সকলোকে মোহিত কৰি তোলে৷ উদ্বোধনী অনুষ্ঠানৰ পিছতে আমন্ত্ৰিত বিষয় বিশেষজ্ঞৰ দ্বাৰা চাৰিখন গৱেষণা পত্ৰ পাঠ কৰা হয়৷

অনুষ্ঠানটো সঞ্চালনা কৰে বিশিষ্ট সাহিত্যিক তথা কৃষ্ণ সংস্কৃতিৰ নিৰলস গৱেষক, গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন বিভাগীয় প্ৰধান ড° অৰুন্ধতী মহন্তই৷ আলোচনা সত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক মৃণাল কুমাৰ বৰুৱাই ‘শঙ্কৰদেৱৰ সৃষ্টি আৰু চিন্তাত উজ্জীৱিত জীৱনৰ সাধনা’ বিষয়ত , বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দীপালি নেওগে ‘মানৱ সম্পদৰ বিকাশ আৰু উন্নয়নত আধ্যাত্মিক প্ৰমূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তা’ বিষয়ত, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই ‘শ্ৰীমন্ত শঙ্কৰদেৱৰ একশৰণ নামধৰ্মৰ তত্ত্ব আৰু দৰ্শন’ বিষয়ত আৰু গড়গাঁও মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ বিভাগীয় প্ৰধান ড° বিদ্যানন্দ বৰকাকতিয়ে ‘যুৱ সমাজত মানৱীয় প্ৰমূল্যবোধ গঠনত শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শ’ বিষয়ত গৱেষণা পত্ৰ পাঠ কৰি শংকৰদেৱক অধ্যয়ন-চৰ্চাক নতুন গতি দিয়ে৷ আলোচনা-চক্ৰখন সফলভাৱে সম্পন্ন হোৱাৰ বাবে আলোচনা চক্ৰৰ মুখ্য সমন্বয়কদ্বয় দেৱযানী বকলীয়াল তথা ড° অংকুৰ দত্ত আৰু সহযোগী সমন্বয়ক নীলাক্ষি চেতিয়া, ৰুণজুন হাজৰিকা, প্ৰিয়মা দিহিঙ্গীয়া, ড০ সুৰজিৎ শইকীয়া, মুনীন খনিকৰ , ডিম্বেশ্বৰ গগৈ ,চিত্ৰ লাহন, অনুপম খনিকৰে সংশ্লিষ্ট সকলোকে ধন্যবাদ জনায়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in