কনকলতা বৰুৱাৰ বাসগৃহত মন্ত্ৰী বিমল বৰাঃ ছহিদগৰাকীৰ নামত প্ৰচলন হ'ব ডাক টিকত

কনকলতা বৰুৱাৰ বাসগৃহত মন্ত্ৰী বিমল বৰাঃ ছহিদগৰাকীৰ নামত প্ৰচলন হ'ব ডাক টিকত

author-image
Asomiya Pratidin
New Update
কনকলতা বৰুৱাৰ বাসগৃহত মন্ত্ৰী বিমল বৰাঃ ছহিদগৰাকীৰ নামত প্ৰচলন হ'ব ডাক টিকত

কনকলতা বৰুৱাৰ বাসগৃহত মন্ত্ৰী বিমল বৰাঃ ছহিদগৰাকীৰ নামত প্ৰচলন হ'ব ডাক টিকত

ডিজিটেল সংবাদ ছয়দুৱাৰ: দেশ মাতৃৰ হকে আত্মবলিদান দি সমগ্ৰ বিশ্বতে গহপুৰৰ নাম জিলিকাই তোলা বৰঙাবাৰীৰ জীয়ৰী বীৰাংগনা কনকলতা বৰুৱাৰ ভাতৃ কালীচৰণ বৰুৱাৰ বাসগৃহত আজি দিনৰ প্ৰায় ১১ বজাত উপস্থিত হয় অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা।বৰঙাবাৰীৰ ছহিদ কনকলতা কুটিৰত উপস্থিত হৈ মন্ত্ৰী বিমল বৰাই চৰকাৰীভাৱে উদযাপিত হ'বলগীয়া কনকলতা বৰুৱাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ বুজ লোৱাৰ লগতে চলিত বৰ্ষৰ অহা ২২ আৰু ২৩ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে কেনেদৰে জন্ম শতবাৰ্ষিকীৰ আয়োজন কৰা হৈছে সেই বিষয়ে পৰিয়ালৰ সৈতে এক সৌহাৰ্দপূৰ্ণ আলোচনাত মিলিত হয়।

Advertisment

কনকলতা বৰুৱাৰ বাসগৃহত প্ৰায় এঘণ্টা সময় অতিবাহিত কৰা মন্ত্ৰী বিমল বৰাক কনকলতাৰ ভাতৃ কালিচৰণ বৰুৱা আৰু তেওঁৰ পত্নী মেৰী বৰুৱা আৰু পুত্ৰ অভিজিৎ বৰুৱাই সাদৰ সম্ভাষণ জ্ঞাপন কৰি শাসনাধিষ্ঠিত চৰকাৰখনে ছহিদ পৰিয়ালসমূহক যেনেধৰণে সন্মান জনাই আহিছে তাৰ প্ৰতি তেওঁলোকে ছহিদ পৰিয়ালৰ হৈ চৰকাৰখনক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। এইক্ষেত্ৰত মন্ত্ৰী বিমল বৰাই কয় যে, কনকলতা বৰুৱাৰ মহান ত্যাগক ৰাষ্ট্ৰই শ্ৰদ্ধাসহকাৰে সন্মান জনাই আহিছে।তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰীভাৱে কনকলতা বৰুৱাৰ জন্ম শতবাৰ্ষিকী পাতিবলৈ বৰ্ণাঢ্য আয়োজন চলোৱাৰ কথা উল্লেখ কৰে।

লগতে তেওঁ কয়, কনকলতা বৰুৱাৰ এই বাসগৃহতো এক ঐতিহ্য ক্ষেত্ৰ ৰূপে গঢ়ি তোলা আৰু কনকলতা বৰুৱাৰ নামত এটা ডাক টিকট প্ৰচলন কৰাৰ বাবেও চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰি ইয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত প্ৰক্ৰিয়া আৰম্ভ হৈছে। কনকলতা মহিলা সবলীকৰণ আঁচনিৰ জৰিয়তে মহিলাসকলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও উল্লেখ কৰে মন্ত্ৰী বিমল বৰাই।

আজি মন্ত্ৰীগৰাকীৰ সৈতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিৱ ড০ বি কল্যাণ চক্ৰৱৰ্তী,স্থানীয় বিধায়ক উৎপল বৰা,বিশ্বনাথ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱ, গহপুৰ মহকুমাৰ মহকুমাধিপতি লুকুমণি বৰা, গহপুৰ আৰু হেলেম ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া ক্ৰমে মণিষ ভড়ালী আৰু ত্ৰিলীনা টাইড উপস্থিত থাকে। তদুপৰি ছহিদ কনকলতা বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ উপ-সভাপতি যাদৱ চলিহাইয়ো মন্ত্ৰীগৰাকীৰ সৈতে ভাবৰ আদান প্ৰদান কৰে।

Also Read: AGP ৰ প্ৰতিষ্ঠা দিৱসত অৱহেলিত প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত...

গহপুৰ মন্ত্ৰী বিমল বৰা