/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/1fafaacc-a722-4856-94f4-99c024dae7da/ashok_singhal_3.jpg)
দিল্লীৰ কথা চিন্তা কৰা মন্ত্ৰী অশোক সিংহালে অসমক সুৰা মুক্ত ৰাজ্য কৰিব পাৰিবনে ?
ডিজিটেল ডেস্কঃ এষাৰ কথা আছে, কোনো এজন ব্যক্তিলৈ আঙুলি টোৱাই কথা কোৱাৰ আগত চাব লাগে হাতৰ আন ৪ টা আঙুলি নিজৰ ফাললৈ থাকে। কথাষাৰৰ গুৰুত্ব আছে।
কাৰোবাৰ ওপৰত কিবা এটা মন্তব্য দিয়াৰ আগত নিজৰ ফালেও চাই ল'ব লাগে। আনে কি কৰিছে তাৰ ওপৰত গুৰুত্ব দিয়াৰ পূৰ্বে, নিজে কি কৰিছে সেই বিষয়ে অধিক গুৰুত্ব দিব লাগে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী অশোক সিংহাল এই কেইদিন চৰ্চাত আছে। আকাশমাৰ্গৰে বেদখলকৃত ভূমি পৰিদৰ্শন কৰা মন্ত্ৰীগৰাকীক সামাজিক মাধ্যমতে বহুতেই বিভিন্ন ধৰণে প্ৰশ্নও কৰিছে। তাৰ মাজতে আকৌ নিজ সমষ্টিতে আদিবাসী ছাত্ৰ সন্থাৰ ৰোষত পৰি পলাবলগীয়া অৱস্থাৰো সূচনা হৈছে।
গুৱাহাটীৰ বানপানী এটা বছৰত শেষ কৰিম বুলি ফিতাহী মৰা এইগৰাকী মন্ত্ৰীৰ কাৰ্যাকালতে গুৱাহাটী বিগত বছৰত সম্ভৱতঃ আটাইতকৈ ডাঙৰ বানপানীৰ কৱলত পৰিছিল। পিছে নিজৰ কামলৈ পিঠি দি এতিয়া তেওঁ ব্যস্ত দিল্লীৰ ৰাজনীতিত।
দিল্লীৰ উপমুখ্যমন্ত্ৰী মনিষ চিছোদিয়াক সুৰা কেলেংকাৰীৰ বাবে গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছে। দিল্লীৰ সুৰা কেলেংকাৰী নিশ্চিত ভাৱে অসমৰ বাবে গুৰুত্বপূৰ্ণ হ'ব নোৱাৰে। কিন্তু অশোক সিংহাল এতিয়া ব্যস্ত দিল্লীৰ ৰাজনীতিত।
টুইটাৰত এইগৰাকী মন্ত্ৰীয়ে এখন কাগজৰ ফটো আপলোড কৰিছে। সেই কাগজখনত মনিষ ছাৰ বুলি সম্বোধন কৰি হিন্দীতে লিখা আছে কেইটামান কথা। কাগজখনত লিখিছে, মনিষ ছাৰ আপুনি মোৰ ভাতৃক মদাহী কিয় বনালে? আপুনি চোৰহে ওলাল।
অৱশ্যে এই কাগজখনৰ সেই কেইটা কথা কোনে লিখিছে সেই বিষয়ে বিশেষ জানিব পৰা নাযায়। শিশু নে আন কোনোৱে লিখিছে সেয়াও স্পষ্ট নহয়। তেওঁ নিজেও টুইটাৰত সবিশেষ একো লিখা নাই। কেৱল লিখিছে এই শিশুটিক উত্তৰ দিয়ক, মনিষ চাচা।
মনিষ চিছোদিয়াক গ্ৰেপ্তাৰ কৰা হৈছে, সুৰাৰ কেলেংকাৰীৰ অভিযোগ উঠিছে। তেওঁ এই কেলেংকাৰীত জড়িত হয় নে নহয়, সেই বিষয়ে পৰৱৰ্তী সময়ত ন্যায়ালয়ত প্ৰমাণ হ'ব। সেই বিষয়ে মূৰ ঘমাবলগীয়া আমাৰ একো নাই।
এতিয়া প্ৰশ্ন হয়, এইগৰাকী অশোক সিংহালে অসমত সুৰাৰ বাবেই দৈনিক কিমানে মৃত্যুক সাৱটি লৈছে সেই বিষয়ে চিন্তা কৰিছে নে? অসমত সুৰাৰ বাবেই কিমান পৰিয়াল ধ্বংসৰ দিশলৈ গতি কৰিছে সেই বিষয়ে কিবা খবৰ আছেনে?
অসমত বাৰে বাৰে সুৰা বিক্ৰীৰ অভিলেখ সৃষ্টি হয়। ৰাজ্য চৰকাৰে গৌৰৱেৰে কয় অসমত সুৰাৰ পৰাই আহে সৰ্বাধিক ৰাজহ। কোভিডৰ সময়ত অন্যান্য প্ৰতিষ্ঠান বন্ধ কৰি ৰাজ্য চলাবলৈ এইখন চৰকাৰেই সুৰাৰ দোকান খুলি দিয়া নাছিল নে?
হাস্পতালৰ কাষত, শিক্ষানুষ্ঠানৰ কাষত এইখন চৰকাৰেই মদৰ দোকানৰ লাইচেঞ্চ প্ৰদান কৰা নাইনে? অসমৰ গাঁৱে গাঁৱে সুৰাৰ দোকান খুলাৰ পৰিকল্পনা কাৰ? মন্ত্ৰী অশোক সিংহাল যিখন চৰকাৰৰ মন্ত্ৰী সেইখন চৰকাৰৰেই নহয় নে?
কোনো অখ্যাত শিশু/ব্যক্তিয়ে লিখা এখন কাগজ টুইটাৰত আপলোড কৰি মনিষ চিছোদিয়াক প্ৰশ্ন কৰা অশোক সিংহালে এইবোৰ প্ৰশ্নৰ উত্তৰ দিবনে? অসমক সুৰামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্ৰস্তাৱ দিবলৈ তেওঁৰ সাহস হ'বনে?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই বিষয়ত পতিয়ন নিয়াবলৈ তেওঁৰ সক্ষমতা আছেনে? এই প্ৰশ্নৰ উত্তৰ অশোক সিংহালে হয়তো দিব নোৱাৰিব। কিন্তু টুইটাৰত এইধৰণৰ কথা বতাৰ ঠিকেই কৰি থাকিব পাৰিব।
अपनी महिमामंडन से फुरसत हो गयी हो, तो इस बच्चे को भी जवाब दे दें, मनीष चाचा ??@msisodiapic.twitter.com/M79Zo5Gyvh
— Ashok Singhal (@TheAshokSinghal) March 3, 2023
Also Read: স্বাগতা চুপাৰ স্পেচিয়েলিটি হাস্পতালত বিনামূলীয়া কাণ পৰীক্ষা কাৰ্যসূচী...