Advertisment

মঙলদৈত পতাকা উন্মোচন মন্ত্ৰী অজন্তা নেওগৰ

অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া, ছিপাঝাৰৰ বিধায়ক ড পৰমানন্দ ৰাজবংশী, মঙলদৈৰ প্ৰাক্তন বিধায়ক তথা মীন উন্নয়ন বিভাগৰ অধ্যক্ষ গুৰুজ্যোতি দাস,জিলা আয়ুক্ত সহ জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে।

author-image
Asomiya Pratidin
New Update
মঙলদৈত পতাকা উন্মোচন মন্ত্ৰী অজন্তা নেওগৰ

ডিজিটেল সংবাদ,‌ মঙলদৈঃ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মঙলদৈ কছাৰী ময়দানত ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ ত্ৰিৰঙ্গা পতাকা উন্মোচন কৰে। দৰং জিলা প্ৰশাসনৰ উদ্যোগত উদযাপিত গনতন্ত্ৰ দিৱসৰ পতাকা উন্মোচন কৰি গনতন্ত্ৰ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত দৰং জিলাৰ অৱদানৰ ওপৰত বাখ্যা আগবঢ়াই মন্ত্ৰী গৰাকীয়ে, লগতে বৰ্তমান চৰকাৰ খনে জনসাধাৰণৰ উন্নয়নৰ বাবে কৰি থকা কামৰ বাখ্যা আগবঢ়াই।

Advertisment

অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া, ছিপাঝাৰৰ বিধায়ক ড পৰমানন্দ ৰাজবংশী, মঙলদৈৰ প্ৰাক্তন বিধায়ক তথা মীন উন্নয়ন বিভাগৰ অধ্যক্ষ গুৰুজ্যোতি দাস,জিলা আয়ুক্ত সহ জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে।

Also Read: উদুলি-মুদুলি নাজিৰা মেছাগড় "চাওবিন ক্ষেত্ৰ"

republic day ajanta neog