কামৰূপ জিলাৰ অন্তৰ্গত বিদ্যালয়ত মিলেট সজাগতা সভাৰ আয়োজন

কামৰূপ জিলাৰ অন্তৰ্গত বিদ্যালয়ত মিলেট সজাগতা সভাৰ আয়োজন

author-image
Asomiya Pratidin
New Update
কামৰূপ জিলাৰ অন্তৰ্গত বিদ্যালয়ত মিলেট সজাগতা সভাৰ আয়োজন

ডিজিটেল সংবাদ,কামৰূপ : ভাৰতৰ শ্ৰীঅন্ন মিলেটৰ চাহিদা বৃদ্ধিৰ উদ্দেশ্যে চৰকাৰে ২০২৩ বৰ্ষটো আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে উদযাপন কৰিছে। এই উদ্দেশ্য আগত ৰাখিয়েই বুধবাৰৰ পৰা কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত তথা সৰ্বশিক্ষা অভিযানৰ সহযোগত কামৰূপ জিলাৰ অন্তৰ্গত মুঠ ১৭খন চৰকাৰী তথা ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত মিলেট সেৱন সম্পৰ্কে সজাগতা সভাৰ আয়োজন কৰা হৈছে।

Advertisment

আজি বকোস্থিত বকো হাইস্কুল আৰু শংকৰদেৱ শিশু নিকেতন প্ৰাংগণত আয়োজিত সজাগতা সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মিলেট উদ্যোগী মায়াশ্ৰী বৰুৱা, জিলা কৃষি বিভাগৰ তৰফৰ পৰা বনগাঁৱৰ আৰু নগৰবেৰাৰ কৃষি উন্নয়ন বিষয়া ক্ৰমে অনুপ্ৰিয়া যাদৱ আৰু ৰাজস্মিতা হাজৰিকা।

লগতে মিলেট সম্প্ৰসাৰণ কাৰ্যবাহী শ্ৰীয়া দেৱী, আৰু মিলেট জিলা সমন্বয়ক কস্তুৰী গোস্বামী উপস্থিত থাকে। উদ্যোগী মায়াশ্ৰী বৰুৱাই তেওঁৰ উৎপাদিত বিভিন্ন খাদ্য সামগ্ৰীৰ পৰিবেশন লগতে শিক্ষাৰ্থীসকলক সামগ্ৰীৰ জুতি লোৱাৰ সুযোগ দিয়ে।

প্ৰায় ১৫০ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা উক্ত সভাত মিলেট সেৱনৰ উপকাৰিতা তথা মিলেট ৰন্ধন প্ৰণালী সম্পৰ্কে বিষদভাৱে ব্যাখ্যা কৰা হয়। সভাত দুয়োখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীসকল উপস্থিত থাকে।

Also Read: দুৰ্নীতিৰ ভূ-স্বৰ্গত সৰুক্ষেত্ৰীৰ গাঁও পঞ্চায়ত ! লাখ লাখ টকা আত্মসাৎ ঠিকাদাৰৰূপী দালালৰ

Millet kamrup