/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/002bcf8e-94a5-43f6-b7c2-18bfec014eba/239.jpg)
ডিজিটেল সংবাদ,সৰভোগ : বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ ৩৮ নং উত্তৰ-পূব বেতবাৰী গাঁও পঞ্চায়ত এলেকাত এম জি এনৰেগা আঁচনিৰ নামত ব্যাপক দূৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে । পঞ্চায়তখনত ৩খনকৈ এম জি এনৰেগাৰ কাম আবন্টিত হোৱাৰ বিপৰীতে এটা কামত এক পইচাৰো কাম নকৰাকৈ দালালৰূপী ঠিকাদাৰে সম্পূৰ্ণ আঁচনিৰ ধন আত্মসাৎ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ।
উক্ত পঞ্চায়তৰ ডব্লিউ চি/৯০১০২৭১০২২ কোডযুক্ত এম জি এনৰেগাৰ ৮,৯৫,৬১১ টকাৰ আঁচনিৰ মাত্ৰ ৯৬ ট্ৰেক্টৰ মাটি পেলাই ৰাস্তাৰ নামত সমস্ত টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰোপৰি অটা মছজিদৰ পৰা পাথৰগাটি প্ৰাথমিক বিদ্যালয়লৈ গছপুলি ৰোপণ কৰাসহ এফপি/৯০১০২৬২৩২১ কোড বিশিষ্ট ৮,৪৫,৬৩৪ টকা ধাৰ্যকৃত আঁচনিত সামান্য কাম কৰিয়েই দালালৰূপী ঠিকাদাৰ তথা একাংশ বিষয়ববীয়াই লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।
অটা গাঁওৰ মিয়াচান আলীৰ পুত্ৰ তথা ৱাৰ্ড সদস্য জাহেৰ আলী, ৰহিজ উদ্দিনৰ পুত্ৰ আব্দুল গফুৰ, মোকছেদ আলীৰ পুত্ৰ নুৰ ইছলাম, কদ্দুছ আলীৰ পুত্ৰ ছবুৰ আলী, কাশেম আলীৰ পুত্ৰ নুৰ ইছলামে পঞ্চায়তৰ বিষয়ববীয়া, ব্লকৰ কম্পিউটাৰ অপাৰেটৰ, মুখ্য গাণনিক বসন্ত তালুকদাৰ, দায়িত্বপ্ৰাপ্ত কনিষ্ঠ অভিযন্তা আদিয়ে মিলি ৰাজকোষৰ লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে । পহুমাৰা নৈপৰীয়া অঞ্চলৰ লগতে এই দালালৰূপী ঠিকাদাৰে অঞ্চলটোৰ মানুহক অতিকৈ জ্বলা-কলা খুৱাইছে বুলি একাংশ ৰাইজে অভিযোগ উত্থাপন কৰিছে । আনহাতে বিদ্যালয়ৰ কণ কণ ছাত্র-ছাত্ৰীসকলেও ভুগিছে যমৰ যাতনা।
ইফালে উত্তেজিত ৰাইজে বুধবাৰে স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰ মুৰ্দাবাদ, পঞ্চায়ত সভাপতি মুৰ্দাবাদ, ৱাৰ্ড সদস্য মুৰ্দাবাদ, এমজিএনৰেগাৰ নামত দুৰ্নীতি বন্ধ কৰক আদি শ্ল'গাদ দিয়ে । ঘটনাৰ সবিশেষ পঞ্চায়তৰ বিষয়-ববীয়াক অৱগত কৰাত দালালৰূপী ঠিকাদাৰে অভিযোগকাৰীক অপদস্থ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে বুলি জানিব পৰা গৈছে ।
ইয়াৰ পিছত কেইজনমান সমাজ সচেতন লোকে পাকাবেতবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে জিলা আয়ুক্ত, মুখ্য কাৰ্যবাহী বিষয়া, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰলৈ ব্যৱস্থা গ্ৰহণৰ বাবে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে ।
Also Read: শিঙিমাৰী পঞ্চায়তৰ কাৰ্যালয় গৃহ উদ্বোধন আৰু সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন