ছাত্ৰ-ছাত্ৰীৰ মুখৰ ভাত কাঢ়ি খালে এজন প্ৰধান শিক্ষকে

ছাত্ৰ-ছাত্ৰীৰ মুখৰ ভাত কাঢ়ি খালে এজন প্ৰধান শিক্ষকে

ডিজিটেল সংবাদ,সৰভোগঃ চৰকাৰী দৰমহাৰে পেটৰ ভাত যোগাৰ নহয় একাংশ চৰকাৰী শিক্ষকৰ । ছাত্ৰ-ছাত্ৰী মধ্যাহ্ন ভোজন তিনি মাহৰ চাউল আত্মহাত কৰিলে প্ৰধান শিক্ষক পৰেশ চন্দ্ৰ দেৱনাথে। এই ঘটনাৰ বৰপেটা জিলা ৰূপহী শিক্ষা খণ্ডৰ অন্তৰ্গত ১৫৬৭ নং বালাভিঠা নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ত । একেৰাহে তিনি মাহ ধৰি খাদ্য দিয়া নাই প্ৰাথমিক বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীক ।

ছাত্ৰ-ছাত্ৰীসকলৰ মুখৰ ভাত কাঢ়ি খালে প্ৰধান শিক্ষক পৰেশ চন্দ্ৰ দেৱনাথে । ইপিনে আন্তঃগাঁথনিৰ টকা আত্মহাত কৰে প্ৰধান শিক্ষকজনে । আৱৰ্জনা গুটকা পেকেটেৰে ভৰি আছে বিদ্যালয়ৰ চৌহদত । কোনে খাই এইসমূহ গুটকা ,শিক্ষক নে ছাত্ৰ-ছাত্ৰী ?তাক লৈ এক ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে ।

বিদ্যালয়খনত নাই ছাত্ৰ-ছাত্ৰীৰ ইউৰেনেলৰ ব্যৱস্থা । এক বছৰ ধৰি জৰাযীৰ্ণ অৱস্থা ইউৰিনেল আৰু দমকলৰ । বিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্ৰীয়ে চুবুৰায়াৰ ঘৰত প্ৰেস্ৰাৱ কৰিব লগা পৰিস্থিতি হয় ।

ইপিনে ১৫৬৭ নং বালাভিঠা নৱজ্যোতি প্ৰাথমিক বিদ্যালয়খন স্কুল নে গোহালি ধৰিব নোৱাৰি । চাৰিওফালে আৱৰ্জনাৰে ছানি ধৰিছে বিদ্যালয়খন। ৰূপহী শিক্ষা খণ্ডৰ বিষয়ববীয়া আৰু শিক্ষা মন্ত্ৰী ৰণোজ পেগুয়ে উচিত তদন্ত কৰি প্ৰধান শিক্ষক পৰেশ চন্দ্ৰ দেৱনাথক বদলি কৰিব লাগে বুলি দাবী উত্থাপন কৰে স্থানীয় অভিভাৱকসকলে ।

ছাত্ৰ-ছাত্ৰীৰ মুখৰ ভাত কাঢ়ি খালে এজন প্ৰধান শিক্ষকে
আন্ত:ৰাষ্ট্ৰীয় জলাশয় দিৱস উপলক্ষে মৎস্য বেংকৰ দ্বাৰা জলাশয় সংৰক্ষণৰ অনুৰোধ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in