আন্ত:ৰাষ্ট্ৰীয় জলাশয় দিৱস উপলক্ষে মৎস্য বেংকৰ দ্বাৰা জলাশয় সংৰক্ষণৰ অনুৰোধ

শুকুৰবাৰে আন্ত:ৰাষ্ট্ৰীয় জলাশয় দিৱস। গহপুৰৰ বড়িগাঁৱত কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰকৃতিপ্ৰেমী ব্যক্তিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় দিৱসটি।

author-image
Asomiya Pratidin
New Update
আন্ত:ৰাষ্ট্ৰীয় জলাশয় দিৱস উপলক্ষে মৎস্য বেংকৰ দ্বাৰা জলাশয় সংৰক্ষণৰ অনুৰোধ

ডিজিটেল সংবাদ, গহপুৰঃ শুকুৰবাৰে আন্ত:ৰাষ্ট্ৰীয় জলাশয় দিৱস। গহপুৰৰ বড়িগাঁৱত কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰকৃতিপ্ৰেমী ব্যক্তিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় দিৱসটি।

Advertisment

এটা বৃহৎ আকাৰৰ মাছ তৈয়াৰ কৰি মৎস্য বেংকৰ দ্বাৰা জলাশয় সংৰক্ষণৰ বাবে ৰাজ্যবাসীক অনুৰোধ জনাইছে প্ৰকৃতিপ্ৰেমী লোকসকলে। গছপুলি ৰোপন কৰাৰ লগতে জলাশয়‌ সংৰক্ষণৰ সংকল্প গ্ৰহণ কৰে। প্ৰকৃতিপ্ৰেমী ব্যক্তি বকুল গগৈৰ উদ্যোগত আয়োজন হোৱা কাৰ্য্যসূচীত গহপুৰৰ কেইবাজনো গণ্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Also Read: প্ৰধানমন্ত্ৰীৰ আগমনক লৈ সমষ্টিয়ে সমষ্টিয়ে তৎপৰ বিজেপি দল

WATLAND DAY gohpur