পানবাৰীত মাইক্ৰফাইনেঞ্চৰ শাখা মুকলি

পানবাৰীত মাইক্ৰফাইনেঞ্চৰ শাখা মুকলি

ডিজিটেল সংবাদ,বান্দৰদেৱা : নাৰায়ণপুৰৰ পানবাৰীৰ সমীপৰ কলেজপাৰত শনিবাৰে মুকলি কৰা হয় মিত্ৰ সেৱা মাইক্ৰ' ফাইনেঞ্চ চাৰ্ভিচ ফাউনণ্ডেচনৰ এটি শাখা।বিভাগীয় কৰ্তৃপক্ষই জনোৱা অনুসৰি শাখাটিয়ে মাত্ৰ ১ ঘন্টাৰ ভিতৰতে গ্ৰাহকক ১ লাখ ২০ হাজাৰ পৰ্যন্ত ঋণ দিব পাৰিব।

শাখাটোৰ উদ্ধোধনী অনুষ্ঠানটিত মিত্ৰ সেৱা গ্ৰুপ অফ কম্পেনিজৰ আঞ্চলিক প্ৰবন্ধক পিন্টু চৰকাৰ,উজনি অসমৰ এৰিয়া কৰ্ডিনেটৰ,ধেমাজি জিলাৰ এৰিয়া ইনচাৰ্জ, গহপুৰৰ ফিল্ড এক্সিকিউটিভ আদি উপস্থিত থাকে । শাখাটোৰ পৰিচালক জগত জ্যোতি দাসে জানিবলৈ দিয়া মতে,কাৰ্যালয়টোৰ পৰা ৩০ কিলোমিটাৰ ব্যাসাৰ্ধৰ গ্ৰাহকসকলে নিজৰ সঠিক নথি পত্ৰসহ যোগাযোগ কৰিলে কাৰ্যালয়ে ১ ঘন্টাৰ ভিতৰত ঋণ প্ৰদানৰ ব্যৱস্থা কৰিব পাৰিব।

অনাগত সময়ত গ্ৰাম্যাঞ্চলৰ গ্ৰাহকসকলে ঋণ লৈ ব্যক্তিগত ব্যৱসায়ৰ জৰিয়তে উপকৃত হ'ব পাৰিব।

পানবাৰীত মাইক্ৰফাইনেঞ্চৰ শাখা মুকলি
কপিলী নৈয়ে খহাই নিলে নৱনিৰ্মিত মাথাউৰি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in