/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/7751dcd0-eb32-4e31-88a1-07e90cfd698a/kapili.jpg)
ডিজিটেল সংবাদ,কামপুৰ : কামপুৰত কপিলী নৈৰ ভয়ংকৰ ৰূপ। শনিবাৰে পুৱাই খহাই নিয়ে কামপুৰৰ গাৰুখোন্দা পঞ্চায়তৰ গোসাই গাঁৱৰ নৱনিৰ্মিত মাথাউৰিটো। নৈখনৰ জলস্তৰ বৃদ্ধিৰ বাবে সংঘটিত হয় এই ঘটনা।
বিগত বৰ্ষতো এই মাথাউৰিটো ভাঙি নিছিল কপিলী নৈয়ে । পলমকৈ নিৰ্মাণ কৰাৰ বাবেই কাম সম্পূৰ্ণ নহ'ল মাথাউৰিটোৰ।
মাথাউৰিটো চিঙি যোৱাৰ বাবে কামপুৰ ৰাজহ চক্ৰৰ গৰুবাট মৌজালৈ শংকা নমাই আনিছে। উল্লেখ্য যে খান্দঙৰ বান্ধ খুলি দিয়াৰ বাবে বৃদ্ধি পাইছে কপিলীৰ জলস্তৰ।
Also Read: পথৰ ওপৰত কঠিয়া সিঁচি প্ৰতিবাদ পুৰণি বলাই গাঁৱবাসীৰ