/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/77292157-017d-436c-899d-e16d4281d3e5/fire.jpg)
ডিজিটেল ডেস্ক : যোৱা নিশা মহানগৰীৰ ফটাশিল আমবাৰীত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত গৃহহীন হ'ব লগীয়া হৈছিল প্ৰায় ১৫০টা পৰিয়াল । এই বিধ্বংসী অগ্নিকাণ্ডত এটাৰ পাছত আনটোকৈ ১৫টা ছিলিণ্ডাৰ বিষ্ফোৰণ হোৱাৰ ফলত মূহুৰ্তৰ ভিতৰতেই এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ফটাশিল আমবাৰীৰ হৰিজন কলনীত ।
অগ্নিকাণ্ডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি নিশায়েই ঘটনাস্থলীত উপস্থিত হৈছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । মন্ত্ৰী গৰাকীয়ে ঘটনাস্থলীত উপস্থিত হৈ ভুক্তভোগী সকলৰ পৰা পৰিস্থিতিৰ বুজ লোৱাৰ ওপৰিও তেওঁলোকৰ সংস্থাপনৰ বাবেও যাৱতীয় নিৰ্দেশনা দিয়ে কৰ্মৰত বিষয়-ববীয়াক ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/f7460280-c6d6-4d7b-8348-7688ea980df7/WhatsApp_Image_2022_12_10_at_9_25_54_AM.jpeg)
উল্লেখ্য যে, জুইৰ লেলিহান শিখাই মূহুৰ্তৰ ভিতৰতে আগ্ৰাসী ৰূপ লোৱাত কেৱল প্ৰাণ লৈ গৃহ ত্যাগ কৰিব লগীয়া হৈছিল লোক সকলে । তেনেস্থলত কেৱল পৰিধান কৰি থকা পোছাকযোৰৰ বাহিৰে এতিয়া সকলো জুইত হেৰুৱাই সৰ্বস্ৰান্ত পৰিয়াল কেইটা । আনহাতে নিশাৰে পৰাই নিকটৱৰ্তী নিউ ফটাশিল টাউন হাইস্কুলৰ চৌদহত আশ্ৰয় লৈ আছে পৰিয়াল কেইটাই । বৰ্তমানলৈ চৰকাৰৰ তৰফৰ পৰা পুৱাৰ আহাৰৰ ব্যৱস্থা কৰা হৈছে যদিও সোমবাৰে বিদ্যালয়ৰ দুৱাৰ পুনৰ শিক্ষাৰ্থী সকলৰ বাবে মুকলি কৰি দিয়াৰ পাছত এই পৰিয়াল কেইটাৰ সংস্থাপন কিদৰে আৰু ক'ত হ'ব সেই সন্দৰ্ভত সকলো অনিশ্চিত ।
আৰু পঢ়ক : আজি শ্বহীদ দিৱস...