ঢকুৱাখনাত মিচিং জাতীয় সংগঠনৰ জিলা অধিৱেশনৰ প্ৰস্তুতি তুংগত

ঢকুৱাখনাত মিচিং জাতীয় সংগঠনৰ জিলা অধিৱেশনৰ প্ৰস্তুতি তুংগত

ডিজিটেল সংবাদ, ঢকুৱাখনা: স্বগোষ্ঠী আৰু স্বজাতিৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশ সন্ধানী এক সংগ্ৰামী সত্তা টাকাম মিচিং পৰিন কৌবাং, টাকাম মিচিং মিমে কৌবাং আৰু মিচিং মিমাগ কৌবাং । মিচিং জনগোষ্ঠীৰ জাতিয় সংগঠন এই তিনি সংগ্ৰামী সত্তাৰ ঢকুৱাখনা জিলা সমিতিৰ অধিবেশন অনুষ্ঠিত হব অহা ২৪ আৰু ২৫ ডিচেম্বৰত ।

পূব ঢকুৱাখনাৰ ভোমাজাৰণী কৰ্মবীৰ, মুক্তি যুঁজাৰু বিমলা কান্ত দলে ক্ষেত্ৰত অনুষ্ঠিতব্য এই  জিলা অধিবেশনৰ প্ৰস্তুতি এতিয়া তুংগত। তিনি জিলা সমিতিৰ অন্তৰ্গত ৩৩ খন বাংকে সমিতিৰ ৩ হাজাৰ ৫০০ প্ৰতিনিধি আৰু ১০ সহস্ৰাধিক জনগোষ্ঠীয় ৰাইজে অংশগ্ৰহণ কৰিব লগীয়া জিলা অধিবেশন সাফল্য মণ্ডিত কৰাৰ বাবে উদযাপন সমিতিয়ে প্ৰায় ১৬ লাখ টকাৰ বাজেট গ্ৰহণ কৰি দ্ৰুতগতিত আগবাঢ়িছে ।

উদযাপন সমিতিৰ মুখ্য সম্পাদক ক্ষীৰোদ পেগুৱে জানিবলৈ দিয়া মতে ৩ সহস্ৰাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব লগা প্ৰথম দিনা সাংস্কৃতিক প্ৰতিযোগিতা উদ্বোধন কৰিব টি এম এম কেৰ কেন্দ্ৰীয় উপ সভাপতি ইন্দিৰা চিন্তে কুম্বাংয়ে । দুপৰীয়া প্ৰতিনিধি সভা উদ্বোধন কৰিব টি এম পি কেৰ কেন্দ্ৰীয় সাহিত্য সম্পাদক চান পাংগিংয়ে। প্ৰতিনিধি সভাত বিশেষ অতিথি হিচাবে জাতিয় সংগঠন টি এম পি কেৰ প্ৰাক্তন কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভুৱন পেগু, এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পুৰুষোত্তম দলে, টি এম এম কেৰ সাধাৰণ সম্পাদিকা শৰ্মিলা পায়েং আৰু এম এম কেৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাংয়ে সংগঠনৰ সংগ্ৰাম, শৃঙ্খলিত জীৱন শৈলী, জন দায়বদ্ধতাৰ সন্দৰ্ভত পৰিশীলিত বক্তব্য আগবঢ়াব । সন্ধিয়া কৰ্মবীৰ বিমলা কান্ত দলেৰ প্ৰতিকৃতিত  বন্তি প্ৰজ্বলন কৰিব প্ৰয়াত মুক্তিযুদ্ধা গৰাকীৰ পৰিয়ালবৰ্গই ।

প্ৰতিনিধি সভাৰ সমান্তৰাল ভাৱে ২৪ ডিচেম্বৰত ঐনিতম, আনুনিতম ,চেল্লয়া, গুমৰাগ লেৰেলি আদি লোক কৃষ্টি মূলক সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হব ভোমা জাৰণী হাইস্কুল খেল পথাৰৰ মঞ্চত । ইয়াৰ পৰাই কেন্দ্ৰীয়  ভিত্তিত অনুষ্ঠিত হব লগীয়া মিচিং  যুৱ মহোৎসৱলৈ যুৱ প্ৰতিভাধৰ সকলক নিৰ্বাচিত কৰিব ।

অধিবেশনৰ দ্বিতীয় দিনা পুৱা প্ৰাতঃ কাৰ্যসূচীৰ পাছতে পতাকা উত্তোলন  কৰিব জাতিয় সংগঠন সমূহৰ জিলা সমিতি আৰু বাংকে সমিতি সমূহে । ইয়াৰ পাছতে  অনুষ্ঠিত হব প্ৰয়াত মৃণাল দলে সোঁৱৰণী যুৱ সমাৰোহ । সম্ভাৱনাময় গ্ৰাম্য ক্ৰীড়া প্ৰতিভাক চিনাক্ত কৰি প্ৰতিযোগিতা মূলক ক্ৰীড়া ক্ষেত্ৰখনলৈ উলিয়াই নিয়াৰ লক্ষ্যৰে অনুষ্ঠিতব্য এই যুৱ সমাৰোহৰ সঞ্চালনা কৰিব টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক সঞ্জীৱ দলেয়ে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষা আৰু ক্ৰীড়া অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক ডঃ মন্টু বড়ো, জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰাইজেশ্বৰ পেগু , মিচিং বানে কৌবাংৰ সাধাৰণ সম্পাদক ৰাজু মেদকে এই সমাৰোহত অভিৰোচক  হিচাবে অংশ গ্ৰহণ কৰিব ।

বিয়লিলৈ অনুষ্ঠিত হব লগা অধিবেশনৰ মুকলি সভাৰ উদ্বোধন কৰিব এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা  এম এ চিৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।  তিনি জাতিয় সংগঠনৰ জিলা সমিতিৰ সভাপতি মণ্ডলিৰ  সভাপতিত্বত অনুষ্ঠিত সভাত অধিবেশনৰ মুখপত্ৰ "জেলাম" উন্মোচন কৰিব মিচিং আগম কৌবাংৰ সভাপতি গোবিন্দ টাইদে । মিচিং স্বায়ত্ব শাসিত পৰিষদৰ  মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়াই মুখ্য অতিথি হিচাবে , নিৰ্দিষ্ট বক্তা হিচাবে টি এম পি কেৰ কেন্দ্ৰীয় সভাপতি ৰাজ কুমাৰ মৰাংয়ে, সন্মানীয় অতিথি হিচাবে মিচিং দৃৰবৃ কৌবাংৰ সভাপতি অস্বিনী কুমাৰ দলে, সম্পাদক প্ৰশান্ত বড়ি ,টি এম পি কেৰ সভানেত্ৰী গীতাঞ্জলি বড়ি পাতিৰ , টি এম পি কেৰ সাধাৰণ সম্পাদক তিলক দলে  আদিয়ে অংশ গ্ৰহণ কৰিব।

সভাত আমন্ত্ৰিত অতিথি হিচাবে সদৌ তাই আহোম ছাত্ৰ সন্থা, চাহ জনগোষ্ঠী ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থা ,সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থা, কোঁচ ৰাজবংশী ছাত্ৰ সন্থা , দেউৰী ছাত্ৰ সন্থা, গোর্খা ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ বিষয়ববিয়া সকলে অংশ গ্ৰহণ কৰিব। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি লক্ষ্য নাথ দলে আৰু সম্পাদক নাথু ৰাম দলেয়ে অধিবেশনৰ দুয়োটা দিনৰ সমূহ কাৰ্যসূচীত সৰ্ব শ্ৰেণী ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in