চিৰাঙৰ বিজনীত আৰক্ষীয়ে জব্দ কৰিলে ২৮ টা চোৰাং গৰু...

chirang
chirang

ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ বিজনী থানাৰ অন্তৰ্গত মাজৰাবাৰীত শনিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই ২৮ টাকৈ চোৰাং গৰু জব্দ কৰে। আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে চিৰাং জিলাৰ আমগুৰী থানাৰ অন্তৰ্গত নাঙলভাঙাৰ পৰা চোৰাং গৰু সৰবৰাহকাৰী চক্ৰৰ এটা দলে গৰু কেইটাক খোজকঢ়াই লৈ যোৱাৰ সময়তে বিজনীৰ মাজৰাবাৰী গাঁৱত টহলদাৰী আৰক্ষীৰ সন্মুখীন হয় ।

আৰক্ষীৰ বাহন দেখি গৰু সৰবৰাহকাৰী চক্ৰটোৰ সদস্য সকলে পথৰ ওপৰতে গৰু এৰি এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰে। পাছত টহলদাৰী আৰক্ষীৰ লোকে ২৮ টাকৈ গৰুকেইটা জব্দ কৰি বিজনী থানালৈ লৈ আহে।

লক্ষ্যণীয় বিষয় যে চাৰিচকীয়া বাহনত তুলি গৰু সৰবৰাহ কৰিলে সহজতে আৰক্ষীৰ জালত পৰাৰ আশংকাত চোৰাং গৰু সৰবৰাহকাৰীৰ চক্ৰই নিশাৰ ভাগত গৰু সমূহ খোজকঢ়াই এখন জিলাৰ পৰা আনখন জিলাত লৈ যোৱাৰ পন্থা অৱলম্বন কৰা দেখিবলৈ পোৱা যায় । তাৰ পিছত চোৰাং গৰু সৰবৰাহকাৰী সকলে গৰু সমূহ তেওঁলোকৰ সুবিধাজনক ঠাইত লৈ পুণৰ বাহনত উঠাই বিভিন্ন ঠাইত সৰবৰাহ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in