মঙলদৈ মহাবিদ্যালয়ত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা সম্পন্ন

মঙলদৈ মহাবিদ্যালয়ত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা সম্পন্ন

author-image
Asomiya Pratidin
New Update
মঙলদৈ মহাবিদ্যালয়ত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা সম্পন্ন

ডিজিটেল সংবাদ,‌মঙলদৈ : মঙলদৈ মহাবিদ্যালয়ৰ উদ্যোগত আৰু দৰঙ জিলা বিদ্যালয় পৰিদৰ্শকৰ সহযোগত বৃহস্পতিবাৰে মঙলদৈ মহাবিদ্যালয়ত এখনি ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত হয়। সভাখনৰ আঁত ধৰে সহাকাৰী অধ্যাপিকা ড০ বৰ্ণালী ডেকাই।

Advertisment

অনুষ্ঠানটিত সমাজৰ বিভিন্ন স্তৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। তেওঁলোকৰ ভিতৰত দৰঙ জিলাৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে,অতিৰিক্ত আয়ুক্ত তথা ভাৰপ্ৰাপ্ত বিদ্যালয় পৰিদৰ্শক গৌৰি প্ৰিয়া দেউৰী,মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ কমলা কান্ত বড়া, জিলা স্বাস্থ্য বিষয়া ক্ৰমে ডাঃ মালবিকা গগৈ,ডাঃ লিপিকা বড়া বৰুৱা ,মনোৰোগ বিভাগৰ মনোবিজ্ঞানী পুস্প কলিতা ,সমাজসেৱী প্ৰাঞ্জল ঠাকুৰীয়া।

জিলা আয়ুক্ত ঙাটে ভাষণ প্ৰসংগত কয় যে, বৰ্তমান সময়ত ড্ৰাগছে সমগ্ৰ বিশ্বতে চানি ধৰিছে আৰু ই সমাজখনক কোঙা কৰি ধৰিছে। তাৰ বিপৰীতে আমি সমাজ সচেতন ব্যক্তিসকল তথা ছাত্ৰ ছাত্ৰীসকলে এই মাৰাত্মক দ্ৰব্যবোৰৰ পৰা আতৰাই ইনিব লাগিব।

এই ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰেখনেও জোৰ দিছে আৰু বহু কোটি টকাৰ এনে ড্ৰাগছ বাজেয়াপ্ত কৰা বুলি সদৰে । নিদিষ্ট বক্তা হিচাপে সমাজসেৱী প্ৰাঞ্জল ঠাকুৰীয়াই সমাজৰ প্ৰত্যেক স্তৰৰ ব্যক্তিকে কেনেকৈ সুৰা তথা হেৰইন জাতীয় দ্ৰব্যই  বিৰূপ প্ৰভাৱ পেলাইছে তাৰ বিষয়ে তথ্যচিত্ৰ সহাকাৰে বুজাই দিয়ে ।

একেটা চিৰিঞ্জৰ জৰিয়তে বহু ব্যক্তিয়ে হেৰইন জাতীয় ড্ৰাগছ শৰীৰত লোৱাৰ ফলত ৰাজ্যত এইচ আই ভি পজিতিভ ব্যক্তিও বহু পৰিমানে বঢ়া বুলি সদৰি কৰে । মহাবিদ্যালয়ৰ অধ্যাপক সমন্বিতে ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত এই সভাত সকলো সমল ব্যক্তিয়ে ড্ৰাগছৰ অপকাৰিতাৰ বিষয়ে আলোকপাত কৰে ।

Also Read: কামপুৰৰ কাকতি গাঁৱত আমছুৰ সজাগতা সভা

Mangaldoi College Awareness Meeting