/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/5900b90e-ba4e-4987-91d6-4093747151ec/etha_new.jpg)
মিথানল প্ৰকল্প উদ্ধোধন
প্ৰতিদিন সংবাদ, নামৰূপঃ অসমৰ উদ্যোগ খণ্ডত এক নতুন সংযোজনেৰে শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলি গুৱাহাটীৰ পৰা উদ্বোধন কৰিলে নামৰূপস্থিত অসম পেট্ৰ’কেমিকেলছ লিমিটেড (এপিএল)ৰ নতুন কৈ নিৰ্মাণ কৰি উলিওৱা ৫০০ টিপিডি মিথানল প্ৰকল্প । অসমৰ বাপতি সাহোন ৰঙালী বিহুৰ প্ৰথম দিনটোতেই আনন্দক অধিক উদ্ভাসিত কৰি আজি প্ৰধানমন্ত্ৰীয়ে অসমবাসী লৈ উৎসৰ্গিত কৰিলে নামৰূপস্থিত এ পিএলৰ নতুন প্ৰকল্প । এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ল নামৰূপ বাসীও ।
এই উপলক্ষে নামৰূপস্থিত অসম পেট্ৰকেমিকেল লিমিটেড প্ৰাংগণত আয়োজিত উদ্বোধনী অনুষ্ঠানত উপস্থিত ৰাইজে আজি পৰোক্ষ ভাবে এই ঐতিহাসিক ক্ষণ উপভোগ কৰে । প্ৰধানমন্ত্ৰীয়ে ৰিমটকণ্ট্ৰোলৰে এ পি এলৰ ৫০০ টন (প্ৰতিদিন) মিঠানল উৎপাদন প্ৰকল্প উদ্বোধন কৰাৰ লগে লগে নামৰূপ এ পি এল প্ৰাংগণত আয়োজিত উদ্বোধনী অনুষ্ঠানত ডবা শংখ, গায়ন বায়ন উৰুলি ধ্বনিৰে মুখৰিত হৈ পৰে নামৰূপৰ আকাশ বতাহ ।
আড়ম্বৰপূৰ্ণভাবে আয়োজিত অনুষ্ঠানত উপস্থিত থাকে এ পি এলৰ অধ্যক্ষ বিকুল ডেকা, পৰিচালন সঞ্চালক ৰাজনিশ গগৈ, উপাধ্যক্ষ হেমন্ত গগৈ, বি চি পি এল ৰ পৰিচালন সঞ্চালক ৰীপ হাজৰিকা, গেছ কোম্পানীৰ অধ্যক্ষ গকুল চন্দ্ৰ স্বৰ্গীয়াৰী, নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ মহাপ্ৰবন্ধক মহম্মদ জাকিৰ, ইঞ্জিনীয়াৰছ ইণ্ডিয়া লিমিটেডৰ মানৱ সম্পদ সঞ্চালক অশোক কুমাৰ কালৰা, অইল ইণ্ডিয়াৰ বিত্ত সঞ্চালক কে মুৰুলী ।
লগতে উপস্থিত থাকে বি ভি এফ চি এল ৰ বিত্ত সঞ্চালক সুভাষ দাস, ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাঙ্গ মিশ্ৰ , এ পি এলৰ প্রাক্তন পৰিচালন সঞ্চালক ক্ৰমে ৰাতুল বৰদলৈ, অতুল বৰ্মন , শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ কমলা কান্ত গগৈ, ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগু, নাহৰকটীয়া আৰু টিং খং ৰাজহ চক্ৰ বিষয়া ক্ৰমে শৰৎ গগৈ, কৌস্তুভ কলিতা, আদি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
এই অনুষ্ঠানত এ পি এল ৰ অধ্যক্ষ বিকুল ডেকাই কয় যে অসমৰ বাবে আজি এটা ঐতিহাসিক দিন ।
এপিএলে ২০১৭ চনৰ ৩ অক্টোবৰত নামৰূপত ৫০০ টিপিডি মিথানল প্লাণ্ট আৰু বঙাইগাঁও জিলাৰ বইটামাৰীত ২০০ টিপিডি ফৰ্মেলিন প্লাণ্ট স্থাপনৰ বাবে ১৭০৯ কোটি টকাৰ প্ৰকল্প ব্যয়ৰে সম্প্ৰসাৰণ কাৰ্যসূচী শুভাৰম্ভ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
ইয়াৰ পিছৰ পৰ্যায়ত বিভিন্ন বাধা বিঘিনি অতিক্রমী বৃহৎ প্ৰকল্পটো নিৰ্মান কাৰ্য সম্পূৰ্ণ কৰি আজি এই ঐতিহাসিক ক্ষণত উপনীত হৈছে এপিএল । অধ্যক্ষ ডেকাই এই প্ৰকল্প নিৰ্মাণৰ প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে জড়িত, ত্যাগ স্বীকাৰ কৰা প্ৰতিজন ব্যক্তিক ধন্যবাদ জনাই আৰু কৃতজ্ঞতা জনায় আনুষ্ঠানিক ভাৱে।
উল্লেখ্য যে প্রাকৃতিক গেছক ফিডষ্টক হিচাপে ব্যৱহাৰ কৰি মিথানল প্লাণ্ট স্থাপন কৰা দেশৰ প্রথমটো উদ্যোগ নামৰূপস্থিত এপিএল ত অসম চৰকাৰৰ ৫১% শ্বেয়াৰ আৰু অইল ইণ্ডিয়া লিমিটেড (অইল), ৪৯% শ্বেয়াৰ থকা অসম চৰকাৰৰ এটা লাভজনক উদ্যোগ ৷
পাঞ্জাৱ নেচনেল বেংকৰ পুঁজি ঋণ গ্ৰহণ কৰি লগতে ‘অইল ইণ্ডিয়া লিমিটেডে অসমৰ গেছ ক্ষেত্ৰৰ পৰা যোগান ধৰা আৰু আছাম গেছ কোম্পানী লিমিটেডযে(AGCL) পৰিবহণ কৰা লিন(lean natural Gas) প্ৰাকৃতিক গেছৰে (মিথেনত ৯৯%) মিথানল উৎপাদনৰ বাবে নামৰূপত স্থাপিত ৫০০ টিপিডি মিথানল প্লাণ্টটো ৬ এপ্ৰিলত সফলতাৰে বাণিজ্যিক উৎপাদন আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে অধ্যক্ষ বিকুল ডেকাই ।
লগতে কয় যে ৰাষ্ট্ৰ নেতা, দেশৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে আজি অনুষ্ঠানিক ভাবে উদ্বোধন কৰাৰ লগে লগে এ পি এল দেশৰ ভিতৰতে এটা পৰিচিত উদ্যোগ হৈ পৰিব বুলি অধ্যক্ষ গৰাকীয়ে কয়।
Also Read: বিহুৰ দৈ চিৰা খাই বিষক্ৰিয়া, অসুস্থ ৮ জন...