মন্ত্ৰী পীযুষৰ আহ্বানত সাংবাদিকৰে মত-বিনিময় ৰূপজ্যোতি কুৰ্মীৰ

মন্ত্ৰী পীযুষৰ আহ্বানত সাংবাদিকৰে মত-বিনিময় ৰূপজ্যোতি কুৰ্মীৰ

author-image
Asomiya Pratidin
New Update
মন্ত্ৰী পীযুষৰ আহ্বানত সাংবাদিকৰে মত-বিনিময় ৰূপজ্যোতি কুৰ্মীৰ

ডিজিটেল সংবাদ বেকাজান : ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰে তিতাবৰৰ সাংবাদিক সমাজৰ সংঘাত অৱশেষত সমাপ্ত হয়। উল্লেখযোগ্য যে, অলপতে তিতাবৰত এক দলীয় সভাত সাংবাদিকক উদ্দেশ্য কৰি মন্ত্ৰী হাজৰিকাই কৰা মন্তব্যৰ বাবে পীযুষ হাজৰিকাৰ লগতে বিজেপিৰ বাতৰি সাংবাদিকে বৰ্জন কৰিব বুলি সদৰী কৰিছিল।

Advertisment

মঙলবাৰে তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থাৰ কাৰ্যালয়ত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সৈতে এক আলোচনাত মিলিত হয় তিতাবৰৰ সাংবাদিকসকল।উপস্থিত সাংবাদিকসকলৰ সৈতে টেলিফোনিক বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে ঘটি যোৱা  অবাঞ্চিত ঘটনাৰ বাবে দুখ প্ৰকাশ কৰে।

অনাগত দিনত সমাজৰ  বিকাশৰ বাবে সাংবাদিকসকলৰ সৈতে একেলগে কাম কৰি যোৱাৰ আহ্বান জনায়। মন্ত্ৰী হাজৰিকাৰ অনুৰোধত আজিৰ আলোচনাত অংশগ্ৰহণ কৰা মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সাংবাদ মাধ্যমৰ সহযোগিতা অবিহনে সুস্থ গণতন্ত্ৰ কেতিয়াও সম্ভৱ নহয় বুলি উল্লেখ কৰি সমিল মিলেৰে সংঘাত নিৰাময় হোৱাত সন্তুষ্টি প্ৰকাশ কৰে।

Also Read: পুৱতি নিশা গৰজি উঠিল কাছাৰ আৰক্ষীৰ মাৰণাস্ত্ৰঃ গুলীবিদ্ধ অপহৰণ, ধৰ্ষণৰ গোচৰত অভিযুক্ত...

bekajan pijush hazarika rupjyoti kurmi