/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/c4cd45cd-1fb5-4be6-b341-5a37670ea158/289.jpg)
ডিজিটেল ডেস্ক : ৰাজ্যৰ কেইখনো জিলাত বৃষ্টিপাত আৰু প্ৰচণ্ড ধুমুহা অহাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আগন্তুক ৩দিনৰ ভিতৰত ধাৰাসাৰ বৰষুণ,ধুমুহাৰ সমান্তৰালকৈ ধূলিৰ ধুমুহা আহিব পাৰে।
বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰামতে ২০ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈকে কেইবাখনো জিলাত বজ্ৰপাতৰ সম্ভাৱনা থকাৰ কথাও উল্লেখ কৰে। ২০ ফেব্ৰুৱাৰীত উজনি অসমৰ কেইবাখনো জিলাত হ'ব পাৰে বজ্ৰপাত। মাজুলী, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া, ধেমাজি আৰু ডিব্ৰুগড় জিলাত বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে।
একেদৰে কাছাৰ, বিশ্বনাথ, লখিমপুৰ,ধেমাজি আৰু ডিব্ৰুগড়ত ধূলিৰ ধুমুহাৰ লগতে বজ্ৰপাত অহাৰ কথা উল্লেখ কৰে। ইয়াৰোপৰি এইসমূহ অঞ্চলৰ জনসাধাৰণক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়।
২২ ফেব্ৰুৱাৰীৰ পৰা কাছাৰ, ডিমা-হাচাও, ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া আৰু কৰিমগঞ্জ জিলাত ধাৰাসাৰ বৰষুণ আহিহ পাৰে। ইয়াৰোপৰি উল্লেখিত জিলাসমূহত ধুমুহা অহাৰ সম্ভাৱনাও কেন্দ্ৰই উল্লেখ কৰে।
Also Read: ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত মালা বৰুৱাৰ সফলতা