ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত মালা বৰুৱাৰ সফলতা

বৰুৱাই এটা সোণ আৰু দুটা ৰূপৰ পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত মালা বৰুৱাৰ সফলতা

ডিজিটেল সংবাদ,যোৰহাট : সদ্যসমাপ্ত গোৱাত অনুষ্ঠিত ৬ষ্ঠ ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছ গোৱা ২০২৪ত অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰা যোৰহাট জিলাৰ মহিলা খেলুৱৈ মালা বৰুৱাই এটা সোণ আৰু দুটা ৰূপৰ পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে। পেছাত তেওঁ এগৰাকী যোগ শিক্ষকৰ লগতে যোগ প্ৰতিযোগিতাৰ বিচাৰক।

Advertisment

যোৰহাটৰ ক্লাব ৰোড এক নং ৰামকৃষ্ণ নগৰৰ নিবাসী মালা বৰুৱাই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত ৪০ বছৰ ঊদ্ধৰ্ধৰ শাখাত ৫ হাজাৰ মিটাৰ খোজকঢ়া প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে। ইয়াৰোপৰি ১০০ মিটাৰ হাৰ্ডলছ আৰু ডিছকাছ থ্ৰ'ত ৰূপৰ পদক অৰ্জন কৰি যোৰহাটৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

Also Read: সুদখোৰৰ বিৰুদ্ধে চতিয়াত দিনে-নিশাই আৰক্ষীৰ তীব্ৰ অভিযান

National Masters Games sports assam goa