মানসিকভাৱে অসুস্থ পিতৃ,বটদ্ৰৱালৈ গৌৰৱ কঢ়িয়ালে কন্যাই

ছাত্ৰীগৰাকীয়ে মনে বিচৰা ধৰণে এখন ভাল উচ্চ শিক্ষানুষ্ঠানত তাইক পঢ়ুৱাবলৈ সক্ষম নহয় পিতৃ-মাতৃ

author-image
Asomiya Pratidin
New Update
মানসিকভাৱে অসুস্থ পিতৃ,বটদ্ৰৱালৈ গৌৰৱ কঢ়িয়ালে কন্যাই

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সফলতা অৰ্জনত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। এই কথা প্ৰমাণ কৰি দেখুৱালে বটদ্ৰৱাৰ এগৰাকী মেধাৱী কন্যাই।

Advertisment

মংগলবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বটদ্ৰৱাৰ চলাপথাৰৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰীয়ে ষ্টাৰ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। চলাপথাৰ গাঁৱৰ ছাত্ৰীগৰাকীৰ নাম নাজমিনা বেগম। নাজমিনাৰ পিতৃ ইমান আলী মানসিকভাৱে অসুস্থ বাবেই মাতৃ ফিৰোজা বেগমে আনৰ ঘৰত কাম কৰি ঘৰখন কোনোমতে চলাই আহিছে।

এবেলা এসাঁজ খাই পিছৰ সাঁজৰ বাবে চিন্তা কৰিবলগীয়া পৰিয়ালটোৰ ছাত্ৰীগৰাকীয়ে বিদ্যালয়ৰ বহু প্ৰয়োজনীয় সা-সমগ্রীৰ পৰা বঞ্চিত হৈছিল। মাথোঁ মাক দেউতাক আৰু পৰিয়ালৰ চকুত হাঁহি বিৰিঙাই এটা ভাল ফলাফল লাভ কৰাই যেন মূল লক্ষ্য আছিল এইগৰাকী মেধাবী ছাত্ৰীৰ।

তাৰ বাবেই দিন ৰাতি একাকাৰ কৰি অধ্যয়ন কৰা ছাত্ৰীগৰাকীয়ে বটদ্ৰৱা অঞ্চলত নাম উজ্বলাবলৈ সক্ষম হয়। নিজৰ কষ্ট আৰু একাগ্ৰতা থাকিলে ভাল ফলাফল পোৱা সম্ভৱ তাৰ উজ্জ্বল প্ৰমাণ নাজমিনা বেগম ।

উল্লেখ্য যে, মেধাৱী ছাত্ৰীগৰাকীয়ে অসমীয়া, অৰ্থনীতি, শিক্ষা আৰু ভূগোলত লেটাৰ নম্বৰৰে সৰ্বমুঠ ৩৭৫(৭৫%) নম্বৰ লাভ কৰিছে। এনে সাফল্যৰ পাছতো এটাই চিন্তা, দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীগৰাকীৰ উচ্চ শিক্ষাকলৈ পৰিয়ালটি চিন্তিত হৈ পৰিছে।

ছাত্ৰীগৰাকীয়ে মনে বিচৰা ধৰণে এখন ভাল উচ্চ শিক্ষানুষ্ঠানত তাইক পঢ়ুৱাবলৈ সক্ষম নহয় পিতৃ-মাতৃ। ওচৰ চুবুৰীয়াই ছাত্র ছাত্ৰীৰ কল্যাণৰ নামত থকা দল সংগঠনসমূহৰ লগতে অন্যান্য সংগঠনসমূহক ছাত্ৰীগৰাকীক সহায় কৰিবলৈ আহ্বান জনাইছে।

Also Read: সতী বেউলাই মোহিত কৰিলে গহপুৰবাসীক

hs results batadraba